NORTHEAST NOW (Assamese)
দেশ

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2025 7:48 pm

তামিলনাডুৰ তিৰুপুৰ জিলাত সংঘটিত হৈছে এক মর্মান্তিক ঘটনা। বিবাহৰ পাছত প্ৰায় এক কেজি সোণৰ গহনা আৰু ৭০ লাখ টকাৰ ভলভো গাড়ী যৌতুক হিচাপে প্ৰদান কৰাৰ পাছতো স্বামী আৰু শহুৰেক-শাহুৱেকৰ নিৰ্যাতনৰ বলি হ’ল ৰিধন্যা নামৰ এগৰাকী যুৱতী।

তথ্য অনুসৰি, ৰিধন্যাই চলিত বৰ্ষৰ এপ্ৰিল মাহত ২৮ বছৰীয়া কবিন কুমাৰৰ সৈতে বিবাহত বহিছিল। ৰিধন্যাৰ পিতৃ এজন কাপোৰ ব্যৱসায়ী। বিবাহত প্ৰচলিত প্ৰথাৰ দোহাই দি তাত পৰিয়ালৰ পৰা মহঙা গহনা আৰু বিলাসবহুল গাড়ী দিয়া হৈছিল। কিন্তু, অভিযোগ অনুসৰি, এই সকলো দিয়াৰ পাছতো স্বামী আৰু তেওঁৰ পৰিয়াল যৌতুকৰ অধিক দাবীত ৰিধন্যাক মানসিকভাৱে নিৰ্যাতন কৰি আহিছিল।

এনে পৰিস্থিতিত দেওবাৰে ৰিধন্যাই নিজৰ গাড়ী লৈ মন্দিপালামৰ এটা মন্দিৰলৈ যায়। বাটতে এখন নিৰ্জন ঠাইত গাড়ী ৰখাই ৰিধন্যাই বিষপান কৰি জীৱন ত্যাগ কৰে। গাড়ীখন দীঘলীয়া সময় ধৰি এখন স্থানত সন্দেহজনকভাৱে ৰখা দেখি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীৰ ভিতৰত ৰিধন্যাৰ মৃতদেহ উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি, মৃত্যুৰ পূৰ্বে ৰিধন্যাই নিজৰ দেউতাকলৈ ৭টা অডিঅ’ মেছেজ পঠিয়াইছিল। সেই অডিঅ’বোৰত স্পষ্টকৈ কৈছিল যে যৌতুকৰ দাবীৰ বাবে তাইৰ স্বামী আৰু শহুৰেক-শাহুৱেকে তাইক নিয়মীয়াকৈ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল।

এই মৃত্যু সন্দৰ্ভত আৰম্ভ হোৱা তদন্তৰ বাবে আৰক্ষীয়ে ৰিধন্যাৰ স্বামী, শহুৰেক আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, ৰিধন্যাৰ পৰিয়ালে দোষীসকলৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।