NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 13, 2025 11:58 am

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বাঃ)ৰ বিৰুদ্ধে হঠাৎ আক্ৰমণাত্মক হৈ উঠিছে ভাৰতীয় সেনা।

ভাৰতৰ মাটিৰ পৰাই ম্যানমাৰস্থিত আলফা(স্বাঃৰ) শিবিৰত আক্ৰমণ কৰে ভাৰতীয় সেনাই।

খবৰ অনুসৰি ১৩ জুলাই তাৰিখে পুৱাই আলফা(স্বাঃ)ৰ শিবিৰক আক্ৰমণ কৰি ভাৰতীয় সেনাই ১০০ ৰো অধিক ড্ৰোণ নিক্ষেপ কৰে।

সূত্ৰ অনুসৰি, ভাৰতীয় সেনাই আলফা(স্বাঃ)ৰ চাৰিটা মূল শিবিৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, এই আক্ৰমণৰ ফলত কেইবাজনো আলফা(স্বাঃ)ৰ কেডাৰৰ মৃত্যু হৈছে। আলফা(স্বাঃ)ৰ সামৰিক শাখাৰ জ্যেষ্ঠ অধিনায়ক তথা লেফটেনেণ্ট জেনেৰেল নয়ন অসমো এই আক্ৰমণত নিহত হোৱা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।