NORTHEAST NOW (Assamese)
দেশ

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 13, 2025 9:30 pm

ভাৰতৰ শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীয়ে ১৫ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব পাৰে।

শুভাংছু শুক্লাৰ উপৰিও এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাসকলৰ ভিতৰত আছে পোলেণ্ডৰ স্লাভছ আজনানস্কি উইছনিউস্কি, আমেৰিকাৰ পেগী হুইটছন আৰু হাংগেৰীৰ টিবৰ কাপু।

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) জিতেন্দ্ৰ সিঙে এক্সিয়াম-৪ মিছনৰ সন্দৰ্ভত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক আপডেট দিওঁতে কয় যে ১৪ জুলাইৰ বিয়লি ৪.৩০ বজাত আনডকিং হোৱাৰ কথা।

তেওঁ কৈছে যে ১৫ জুলাইৰ বিয়লি ৩.০০ বজাত পৃথিৱীলৈ উভতি আহিব মহাকাশচাৰীসকল।

উল্লেখ্য যে শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীয়ে ২৫ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ৰাওনা হৈছিল।