NORTHEAST NOW (Assamese)
অসম

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2025 1:08 pm

মডেলিং জগতৰ বাবে এক চাঞ্চল্যকৰ খবৰ। পুডুচেৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে জনপ্ৰিয় মডেল ছান ৰেচেলৰ মৃতদেহ।

বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ হৈ থকা এই মডেলগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰাথমিকভাৱে আৰক্ষীয়ে সন্দেহ কৰিছে। তেওঁৰ ঘৰৰ পৰা এখন চুইচাইড নোটও উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা বছৰেই  বিবাহপাশত আৱদ্ধ হৈছিল ৰেচেল। ফলত চুইচাইড নোট উদ্ধাৰ হয় যদিও আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। সূত্ৰই দাবী কৰিছে যে চুইচাইড নোটখনত লিখা আছে, ‘মোৰ মৃত্যুৰ বাবে কোনোৱেই দায়ী নহয়।’

আৰক্ষীৰ সূত্ৰ অনুসৰি ছান ৰেচেলে মডেলিং কেৰিয়াৰৰ বাবে নিজৰ সমস্ত সোণ বন্ধকত ৰাখিছিল। ফলত তেওঁৰ ওপৰত টকা-পইচাৰ চাপ আছিল। সেইবাবেই  আত্মহত্যা কৰিলে নেকি তাৰো  তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

বিশেষ কথাটো হ’ল ছান ৰেচেলৰ প্ৰকৃত নাম শংকৰ প্ৰিয়া। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতি মডেলিং জগতখনত এক অনন্য পৰিচয়ৰ সৃষ্টি কৰিছিল।

 দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰেচেলে কেইটামান ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। সেই শ্ব’বোৰ কৰিবলৈ গৈ হোৱা ক্ষতিৰ বাবেই তেওঁ আত্মহত্যা কৰিছে!