NORTHEAST NOW (Assamese)
Popular Stories

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2025 11:39 am

প্ৰতিশ্ৰুতি আছিল যে, যদি বিজেপি ক্ষমতালৈ আহে তেন্তে চৰকাৰে বছৰি ২ কোটি চাকৰিৰ ব্যৱস্থা কৰিব। অৱশ্যে যোৱা ১১ বছৰত মোদী চৰকাৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি আহিছে। আনকি এতিয়ালৈকে সেই ছবিখন একেবাৰে সলনি হোৱা নাই। এইবাৰ সেই তথ্য পোহৰলৈ আহিল মোদী চৰকাৰৰ নিজা প্ৰতিবেদনত। য’ত দেখা গৈছে যে দেশৰ যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। দেশৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ জুন মাহত ১৫.৩ শতাংশলৈ বৃদ্ধি পাইছে।

মঙলবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰে। যত দেখা গৈছে যে দেশৰ সামগ্ৰিক নিবনুৱাৰ হাৰ ৫.৩ শতাংশ। অৰ্থাৎ যোৱা মে মাহত যি প্ৰতিবেদন দাখিল কৰা হৈছিল, তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। অৱশ্যে যোৱা এপ্ৰিল মাহৰ তুলনাত কিছু বৃদ্ধি পাইছে (৫.১)। কিন্তু দেশৰ ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰক লৈ উদ্বেগ বাঢ়িছে। যোৱা মে মাহত এই সংখ্যা আছিল ১৫ শতাংশ। এমাহত সেই সংখ্যা ১৫.৩ শতাংশলৈ বৃদ্ধি পাইছে। একে বয়সৰ যুৱতীসকলৰ নিবনুৱাৰ হাৰও বৃদ্ধি পাইছে। মে মাহত নিবনুৱাৰ হাৰ ১৬.৩ শতাংশ আছিল, যিটো জুন মাহত ১৭.৪ শতাংশলৈ বৃদ্ধি পাইছে।

কেৱল সেয়াই নহয়, প্ৰতিবেদনত কোৱা হৈছে যে পূৰ্বৰ বছৰৰ তুলনাত জুন মাহত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। মে মাহত এই সংখ্যা ১৭.৯ শতাংশ হোৱাৰ বিপৰীতে জুন মাহত ১৮.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ গ্ৰামাঞ্চলত জুন মাহত ১৩.৭ শতাংশৰ পৰা ১৩.৮ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু আনফালে সামগ্ৰিকভাৱে দেশত মহিলাৰ নিবনুৱাৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে। তথ্য অনুসৰি যোৱা মাহত দেশত মহিলাৰ নিবনুৱাৰ হাৰ ৫.৮ শতাংশ আছিল যদিও জুন মাহত ৫.৬ শতাংশলৈ হ্ৰাস পাইছে।