NORTHEAST NOW (Assamese)
Popular Stories

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2025 1:27 pm

নিপাহ ভাইৰাছৰ আতংকত স্বাস্থ্য বিভাগে কেৰেলাৰ পলাক্কাড, মালাপ্পুৰম, কোজিকোড, কান্নুৰ, ৱায়ানাড আৰু থ্ৰিছুৰ জিলাত উচ্চ সতৰ্কতা জাৰি কৰিছে।

প্ৰকৃততে এই নিপাহ ভাইৰাছ কি? জানো আহঁক।

নিপাহ এটা মাৰাত্মক জেনেটিক ভাইৰাছ। মহামাৰী বিশেষজ্ঞ ডাঃ যুগল কিশোৰে বুজাইছে যে, এই বেমাৰৰ মূল উৎস হৈছে ফল খোৱা বাদুলি। নিপাহ ভাইৰাছত আক্ৰান্ত প্ৰাণী, আক্ৰান্ত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে বিয়পিব পাৰে।

সাধাৰণতে এই ভাইৰাছৰ লক্ষণ হৈছে জ্বৰ, মূৰৰ বিষ, কাহ, উশাহ-নিশাহত সমস্যা, বমি, কথা কব নোৱাৰালৈ পৰিণত হব পাৰে।

এই ভাইৰাছ বিশষকৈ প্ৰাণীৰ পৰা মানুহলৈ বিয়পিব পাৰে। অৰ্থাৎ ফল খোৱা বাদুলি নাইবা আক্ৰান্ত জীৱ-জন্ত যেনে গাহৰিৰ দৰে ঘৰচীয়া জীৱ-জন্তুৱেও এই ভাইৰাছ বিয়পাব পাৰে, সংক্ৰমিত ব্যক্তিৰ অতি ওচৰলৈ আহিলে তেওঁৰ লালটি, তেজ, বা প্ৰস্ৰাৱৰ স্পৰ্শ কৰিলে আন ব্যক্তিলৈ বিয়পিব পাৰে।

উল্লেখ্য যে, কেৰালাৰ পালাক্কাড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত ৫৮ বছৰীয়া এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। এই ঘটনাৰ পাছত মুঠ ৪৮৫ জন লোকৰ দেহত এই ভাইৰাছ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত কেইবাজনক কোৱাৰেণ্টাইনত ৰখা হৈছে।