NORTHEAST NOW (Assamese)
Popular Stories

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Posted by: কোকিল শইকীয়া July 23, 2025 11:32 am

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক গছ কটা আৰু স্থানান্তৰন প্ৰক্ৰিয়া সম্পৰ্কে এছ অ’ পি ‎‎(ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ) দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উৰণীয়া সেঁতু নিৰ্মাণৰ নামত গুৱাহাটীৰ দীঘলীপুখুৰী আৰু আমবাৰী অঞ্চলৰ গছসমূহ কাটি পেলোৱা আৰু ‎স্থানান্তৰনৰ বিৰোধিতাৰে সাংবাদিক মহেশ ডেকা আৰু সমাজকৰ্মী জয়ন্ত গগৈয়ে উচ্চ ন্যায়ালয়ত দাখিল ‎কৰা জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল ‎জোথানখুমাৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে।

এই গোচৰৰ শুনানিৰ সময়ত বাদীৰ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত ‎অসংখ্য গছৰ ক্ষতি হোৱাৰ সম্ভাৱনাৰ বিষয়ে আদালতক অৱগত কৰে। ইয়াৰ উত্তৰত অসমৰ চৰকাৰৰ ‎মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আদালতক আশ্বাস দিয়ে যে গছ কটা বা স্থানান্তৰন এৰাই চলিবলৈ ‎উৰণীয়া সেঁতুৰ প্ৰকল্পটোৰ পৰিকল্পনা সংশোধন কৰা হ’ব। লগতে, বাদীৰ অধিবক্তা কমল নাৰায়ণ ‎চৌধুৰীয়ে নিশ্চিত কৰে যে চৰকাৰে উৰণীয়া সেঁতু প্ৰকল্পৰ সংশোধনীৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰি ‎বিষয়টো সমাধানৰ বাবে আগুৱাই আহিছে।

কিন্তু পূৰ্ণবয়স্ক গছৰ স্থানান্তৰন সন্দৰ্ভত এক আশংকাৰ উদয় হোৱাৰ বিষয়ে আদালত জনোৱা হয়। ইয়াৰ ‎পিছত অসম চৰকাৰ মহাধিবক্তাগৰাকীয়ে কয় যে দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ ৭৭ জোপা গছৰ ভিতৰত ‎৭৬ জোপা গছ সফলতাৰে স্থানান্তৰ কৰা হৈছে। গছ স্থানান্তৰনৰ এই সফলতাৰ কথা স্বীকাৰ কৰি আদালতে ‎গছ স্থানান্তৰ আৰু কটাৰ বাবে বিশদ এছ অ’ পি আনুষ্ঠানিকভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে, ‎ভৱিষ্যতে গছ স্থানান্তৰ আৰু কটাৰ ক্ষেত্ৰত এই এছ অ’ পি যাতে কঠোৰভাবে মানি চলে সেয়াও নিশ্চিত ‎কৰিবলৈ আদালতে কয়।

মহাধিবক্তা শইকীয়াই আদালতক আশ্বাস দিয়ে যে পৰৱৰ্তী শুনানিৰ ভিতৰত এছ অ’ পিৰ বিশদ বিৱৰণ ‎আৰু নিৰ্মাণৰ সময়ত গছ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শপতনামা দাখিল কৰা হ’ব।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষাৰ কথা ভাবি সকলো সাৱধানতা ‎উল্লেখ কৰিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে শুনানিৰ সময়ত বিচাৰপীঠে আবেদনকাৰীক ‘বিৰোধী হিচাপে নহয়, উত্তৰ প্ৰজন্মৰ বাবে মাতৃ ‎প্ৰকৃতিক সংৰক্ষণ কৰাৰ প্ৰচেষ্টা’ হিচাপে উল্লেখ গণ্য কৰে।

এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৪ আগষ্ট, ২০২৫ত অনুষ্ঠিত হ’ব।