NORTHEAST NOW (Assamese)
Popular Stories

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2025 7:30 am

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ। কিন্তু শেহতীয়া বছৰবোৰত এটা আচৰিত পৰিৱৰ্তন দেখা গৈছে । এই পৰিৱৰ্তন অনুসৰি বহু মহিলাই জীৱনত কেতিয়াও এটা চিগাৰেট খোৱা নাই যদিও হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে।

ইন্দোৰৰ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ চাৰ্জিকেল অংকলজিষ্ট ডাঃ নয়ন গুপ্তাই এনে সম্ভাৱনা সন্দৰ্ভত সকীয়াই দিয়ে।

এই কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰা ৫টা কাৰক কি কি?

১) পাকঘৰত বায়ু চলাচলৰ অভাৱ

গ্ৰাম্য অঞ্চল বা উপকণ্ঠ অঞ্চলৰ কিছুমান অঞ্চলত এতিয়াও কাঠ, কয়লা বা জৈৱবস্তুৰে ৰন্ধা-বঢ়া কৰা হয়। সেই সময়ত বিষাক্ত গেছ আৰু ধোঁৱা উৎপন্ন হয়।

যদি পাকঘৰত খিৰিকী নাথাকে, বা এক্সজষ্ট চিষ্টেম নাথাকে, তেন্তে ধোঁৱা পোনে পোনে হাওঁফাওঁত প্ৰৱেশ কৰে। এই বিষাক্ত কণাবোৰৰ সৈতে দীৰ্ঘদিন ধৰি উশাহ ললে ক্ৰমান্বয়ে হাওঁফাওঁৰ কোষবোৰৰ পৰিৱৰ্তন ঘটে, যিবোৰ কেন্সাৰলৈ পৰিণত হব পাৰে।

২) এডিনকাৰ্চিনোমাঃ ধূমপান নকৰিলেও হব পাৰে

এই কেন্সাৰ হাওঁফাওঁৰ বাহিৰৰ অংশত বিকশিত হয়। ইয়াৰ মূল সমস্যাটো হল প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নাযায়। সাধাৰণতে ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।

৩) হৰমন আৰু পৰিৱেশ প্ৰদূষণৰ সংযুক্ত প্ৰভাৱ

ইষ্ট্ৰজেন হৰমন আৰু বায়ু প্ৰদূষণ একেলগে হাওঁফাওঁৰ জিনত মিউটেচনৰ সৃষ্টি কৰে। ফলত হাওঁফাওঁৰ অস্বাভাৱিক বৃদ্ধি বা কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

৪) কিছুমান জিনীয় মিউটেচন

যেনে EGFR জিন মিউটেচন, যিয়ে ধূমপান নকৰিলেও মহিলাৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এই ধৰণৰ মিউটেচনে হাওঁফাওঁক ৰন্ধা ধোঁৱাৰ দৰে পৰিৱেশ প্ৰদূষণৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলে।

৫) ৰন্ধা ধোঁৱাৰ ফলত হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ক্ষতি হয়

দিনটোত ২-৩ বাৰ ৰান্ধিলে হাওঁফাওঁত অবিৰত প্ৰদাহ হয়। ইয়াৰ ফলত হাওঁফাওঁৰ স্বাভাৱিক বৃদ্ধিত ব্যাঘাত জন্মে আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়।

ডাঃ গুপ্তাই কৈছে, “যিসকল মহিলাই দিনটোত দুবাৰতকৈ অধিক ৰান্ধে, তেওঁলোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা তিনিগুণ বেছি।সুস্থ হৈ থকাৰ প্ৰথম পদক্ষেপ হল পাকঘৰত সঠিকভাৱে বায়ু চলাচল কৰা।এগজেষ্ট ফেন, খোলা খিৰিকী, বা চিমনি অতি প্ৰয়োজনীয়।

ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কৰিব পাৰি?

ৰন্ধা-বঢ়া কৰাৰ সময়ত খিৰিকী খোলা ৰাখিব লাগে

চিমনি বা এক্সজষ্ট ফেন ব্যৱহাৰ কৰক

কঠিন ইন্ধনৰ পৰিৱৰ্তে গেছ বা বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰক

বছৰত অন্ততঃ এবাৰ হাওঁফাওঁৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে

ধাৰাবাহিক কাহ বা উশাহ-নিশাহৰ কষ্ট হলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে