NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত ৰক্তাক্ত প্ৰতিদ্বন্দ্বিতাৰে কিক বক্সিঙৰ বিশ্ব প্ৰতিযোগিতাত সোণ আৰ্জন নিষ্ঠাৰ

Posted by: এন ই নাও নিউজ June 6, 2018 10:31 pm

ৰাছিয়াত অনুষ্ঠিত বিশ্ব কিক বক্সিং চেম্পিয়নশ্বিপত এটা সোণৰ আৰু দুটা ৰূপৰ পদক আৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ যুৱতী নিষ্ঠা চক্ৰবৰ্তীয়ে।

ৰাছিয়াৰ আনাপাত অনুষ্ঠিত নৱমসংখ্যক বিশ্ব প্ৰতিযোগিতাখনত মহিলাৰ ৭০ কেজি শাখাত ৰক্তাক্ত প্ৰতিদ্বন্দ্বিতাৰে নিষ্ঠাই সোণৰ পদক আঁজুৰি অনাৰ বিপৰীতে ৭০ কেজি লাইন গ্ৰুপ আৰু হাৰ্ডষ্টাইল শাখাত অৰ্জন কৰে ৰূপৰ পদক।

হলি ক্ৰছ কলেজৰ ইংৰাজী বিষয়ৰ ছাত্ৰী নিষ্ঠাই যোৱা ২০১৭ চনটো এছিয়ান কিক বক্সিং প্ৰতিযোগিতাত ব্ৰ’ঞ্জ পদক পাবলৈ সক্ষম হৈছিল।

দেশৰ বাবে গৌৰৱ কঢ়িয়াই সুখী নিষ্ঠা।