NORTHEAST NOW (Assamese)
Popular Stories

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2025 8:56 pm

বাংলা কবি শক্তি চেটাৰ্জীয়ে লিখিছে, “মানুষ বড় কাঁদছে,/ তুমি মানুষ হয়ে পাশে দাঁড়াও, মানুষ বড় একলা,/ তুমি তাহার পাশে এসে দাঁড়াও। এইদৰে কিতাপৰ পৃষ্ঠাত কবিতা লিখিত অৱস্থাতে থাকে, কিন্তু কেতিয়াবা বাস্তৱত সেয়া হৈ পৰে জীয়া কাহিনী। বেংগালুৰুত বাস কৰা যুৱতী অপূৰ্বাৰ লগতো ঠিক এনেকুৱাই হৈছিল। অটো এখনত উঠি ‘আই আই এম-বি লিখা টি-চাৰ্ট পিন্ধা ড্ৰাইভাৰৰ সৈতে অপূৰ্বাৰ সৈতে বাৰ্তালাপ কৰিছিল।

প্ৰতিজন ব্যক্তিৰ জীৱন কাহিনী বেলেগ বেলেগ। আমি মাত্ৰ সেই কাহিনীটো বিচাৰিব জানিব লাগিব। তেনে কোনো লোকৰ কাহিনীয়ে আমাক অনুপ্ৰাণিত কৰে। তেওঁলোকৰ কাহিনীয়ে আমাক আজীৱন জীয়াই থাকিবলৈ অণুপ্ৰেৰণা যোগান ধৰে। অপূৰ্বায়ো ঠিক এনে এটা কাহিনী বিচাৰি পালে। জানো আহক সবিশেষ…

চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অপূৰ্বাৰ এই পোষ্ট। পোষ্টটো ভালদৰে চালে দেখা পোৱা গৈছে যে এজন ড্ৰাইভাৰ অটো এখনত বহি আছে। তেওঁৰ চোলাত আই আই এম-বি লিখা আছে। শব্দটো দেখি অপূৰ্বা হতভম্ব হৈ পৰিল। জেকেটত থকা IIM-B পঢ়ি চালকৰ লগত কথা পাতিবলৈ অপূৰ্বা উদগ্ৰীব হৈ পৰে।

অপুৰ্বাই বাৰ্তালাপ কৰি গম পাই যে অটো চালকজন বেংগালুৰুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ হোষ্টেলৰ পূৰ্ণকালীন কৰ্মচাৰী। প্রেমৰ খাতিৰত প্রতিষ্ঠানৰ ছাত্র-ছাত্রীসকলে তেওঁক এই চোলাটো উপহাৰ হিচাপে দিয়ে৷ হোষ্টেলত কাম কৰাৰ উপৰিও তেওঁ পাৰ্ট টাইম অটো ড্ৰাইভাৰ হিচাপেও কাম কৰি পৰিয়ালটোৰ বাবে উপাৰ্জন কৰে। অটো চালকজনৰ জীৱনৰ কাহিনীয়ে অপূৰ্বাৰ হৃদয় চুই গল। অপূৰ্বাৰ এক্স হেণ্ডেলত বিষয়টো পোষ্ট কৰি ভাৰ্চুৱেল জগতৰ বন্ধুসকলক জনোৱাত পোষ্টটো ভাইৰেল হৈ পৰে।

চিয়েল মিডিয়াত বহু লোকে এই যুঁজৰ বাবে অটো চালকজনক অভিনন্দন জনাইছে। লগতে অটো চালকৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজৰ কাহিনী সকলোৰে মাজলৈ লৈ অহাৰ বাবে অপূৰ্বাক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকৰ হোষ্টেলৰ এজন সাধাৰণ কৰ্মচাৰীৰ কাষত থিয় দিয়াৰ বাবে আই আই এম বাংগালুৰুৰ ছাত্ৰ-ছাত্ৰীয়ে অপূৰ্বাক ধন্যবাদ জ্ঞাপন কৰিছে। এক কথাত ক’বলৈ গ’লে এজন সাধাৰণ অটো চালকৰ অসাধাৰণ কাহিনীয়ে নেট জগতখনক মোহিত কৰি তুলিছে।