NORTHEAST NOW (Assamese)
Popular Stories

য়ুনিক’ডত সন্নিৱিষ্ট হ’বনে অসমীয়া লিপি? অপেক্ষা লণ্ডনৰ বৈঠকলৈ

Posted by: এন ই নাও নিউজ June 7, 2018 9:11 am
Microsoft-570x320

অসমীয়া লিপিক য়ুনিক’ডত সন্নিৱিষ্ট কৰাকলৈ অহা ১৮ জুনৰ পৰা ২২ জুনলৈ লণ্ডনত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ ৱৰ্কিং গ্ৰুপৰ বৈঠকত আলোচনা কৰা হ’ব। এই কথা জানিবলৈ দিছে এমট্ৰনৰ সঞ্চালক এম কে যাদৱে।

উল্লেখযোগ্য যে য়ুনিক’ডত অসমীয়া লিপিৰ স্বকীয়তাৰ স্বীকৃতিৰ বাবে দীৰ্ঘদিন ধৰি অসমীয়া মানুহে ব্যক্তিগত আৰু সংঘবদ্ধ স্তৰত যুঁজ দি আহিছে যদিও আজিলৈকে য়ুনিক’ডত অসমীয়া লিপিয়ে স্থান লাভ কৰা নাই।

এনে পৰিপ্ৰেক্ষিতত যোৱা ৫ জুনৰ পৰা দিল্লীত অনুষ্ঠিত ভাৰতীয় মানক সংস্থাৰ এখন বিশেষ বৈঠকত অংশ গ্ৰহণ কৰি অধ্যাপক শিখৰ শৰ্মা, দিলীপ কলিতা, পৰমানন্দ ৰাজবংশী, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব পাৰ্থ মজুমদাৰ, এমট্ৰনৰ সঞ্চালক এম কে যাদৱে অসমীয়া লিপিক য়ুনিক’ডত স্বীকৃতি প্ৰদানৰ বাবে দাবী জনায়।

 

অসমৰ প্ৰতিনিধি দলটোৱে অসমীয়া ভাষাৰ ঐতিহ্য, কলা-সংস্কৃতিকে ধৰি অসমীয়া লিপিৰ ইতিহাস অৱগত কৰি এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদনো দাখিল কৰে বুলি জানিব পৰা গৈছে।

মঙলবাৰৰ উক্ত সভাতে লণ্ডনত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ ৱৰ্কিং গ্ৰুপৰ বৈঠকত অসমীয়া লিপিক য়ুনিক’ডত স্থান দিয়া বিষয়টো উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিবলৈ দি এম কে যাদৱে সাংবাদিকক কয় যে এই বৈঠকতে য়ুনিক’ডত অসমীয়া সন্নিৱিষ্ট হ’ব নে নহ’ব সেয়া নিৰ্ণয় হ’ব।