NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2025 4:57 pm

ভাৰত-চীনৰ মাজত পুনৰ সম্পৰ্ক উন্নত হোৱাৰ নতুন সম্ভাৱনা প্ৰকাশ পাইছে। প্ৰায় পাঁচ বছৰৰ অন্তৰালৰ পিছত দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। ক’ভিদ মহামাৰী আৰু গালৱানৰ উত্তেজনাৰ পিছত বন্ধ হৈ থকা এই বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আলোচনা চলি আছে বুলি চীনে নিশ্চিত কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিয় জিয়ানে সংবাদ মাধ্যমৰ আগত সদৰী কৰা আনুসৰি ভাৰতৰ সৈতে পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ বাবে আলোচনা চলিছে। দুই দেশৰ মাজত পুনৰ বিমান সেৱা আৰম্ভ কৰি সম্পৰ্ক আৰু সহজ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। বিশেষজ্ঞসকলৰ মতে অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হবলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়তে এই বিষয়ে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, ছেপ্টেম্বৰৰ পৰা দেশৰ দুটা বৃহৎ বিমান সংস্থা ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াক ভাৰত-চীন পোনপটীয়া বিমান সেৱাৰ বাবে প্ৰস্তুত হবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে চীন ইষ্টাৰ্ন এয়াৰলাইন্স আৰু এয়াৰ চাইনাই দিল্লীকে ধৰি ভাৰতৰ কেইবাখনো চহৰলৈ বিমান সেৱা আগবঢ়াইছিল। পুনৰ যদি এই বিমান সেৱা আৰম্ভ হয়, তেন্তে ই দুয়ো দেশৰ বাণিজ্যৰ লগতে ৰাজনৈতিক সম্পৰ্কতো নতুন দিশ প্ৰদান কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।