NORTHEAST NOW (Assamese)
অসম

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2025 5:55 pm

ডিমা হাছাও জিলাৰ ৩০০০ বিঘা ভূমি ব্যক্তিগত খণ্ডৰ এটা চিমেন্ট কোম্পানীক আৱন্টন দিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে প্ৰশ্ন কৰে যে এয়া লৰা-ধেমালি নেকি? গোটেই জিলাখন নে আধা জিলা গতাই দিয়া হৈছে?”

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে চৰকাৰী অধিবক্তাক কিমান মাটি আৱন্টন কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অধিবক্তাই মহাবল চিমেন্ট কোম্পানীক ৩০০০ বিঘা ভূমি আৱন্টনৰ কথা সদৰী কৰে। এই কথা শুনি ন্যায়ালয়ে আচৰিত হৈ কয় যে এনে সিদ্ধান্তৰ পিছে কি নীতি আছে, তাৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব।

জানিব পৰা মতে, ডিমা হাছাও স্বায়ত্ত্ব পৰিষদে নবদী লংকু ক্ৰ গাঁৱৰ সমীপত মহাবল চিমেন্ট নামৰ প্ৰতিষ্ঠানক ৩০০০ বিঘা ভূমি ৩০ বছৰৰ বাবে লীজত দিয়ে। স্থানীয় জনজাতীয় ৰাইজে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

শুনানিৰ সময়ত ন্যায়ালয়ে উল্লেখ কৰে যে ষষ্ঠ অনুসূচিৰ এলেকাত জনজাতীয় লোকৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়া হয়, আৰু পৰিষদে এই বিষয়ত কেনেদৰে ভূমি আৱন্টন কৰিলে সেয়া সন্দেহজনক। ন্যায়ালয়ে পৰিষদক ১ ছেপ্টেম্বৰৰ ভিতৰত শপতনামা সহ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

সম্প্ৰতি এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্রমণ কৰি কয়—“হিমন্ত বিশ্ব শৰ্মাই সংবিধানত সংৰক্ষিত ভূমি গুজৰাটৰ গৌতম আদানিক চিমেন্ট ফেক্টৰীৰ বাবে গতাই দিয়ে। সাধাৰণ অসমীয়াৰ প্ৰয়োজনৰ সলনি নিজৰ প্ৰয়োজনক অগ্ৰাধিকাৰ দিয়া হৈছে। ন্যায়ালয়ৰ প্ৰতিক্ৰিয়াই এই কথা স্পষ্ট কৰিছে।

ৰাজ্যত এই বিষয় পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ডিমা হাছাও স্বায়ত্ত্ব পৰিষদৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উঠিছে।