NORTHEAST NOW (Assamese)
Popular Stories

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 5:29 pm

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দিয়া আবেদনত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত এজন ভোটাৰ চেতন আহিৰৰ আবেদনত ২০২৪ চনৰ নিৰ্বাচনত প্ৰক্ৰিয়াগত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। যত বিৰোধীয়ে ভোটদানৰ সময়সীমা পাৰ হোৱাৰ পিছতো ভুৱা ভোট দিয়া বুলি দাবী কৰিছিল।

নির্বাচন আয়োগৰ উপযুক্ত তত্বাৱধান অবিহনে সন্ধিয়া ৬ বজাৰ পাছত ৭৬ লাখৰো অধিক ভোট প্রদান হোৱা বুলি আবেদনকাৰীয়ে দাবী কৰে৷ যদিও উচ্চ ন্যায়ালয়ে পূৰ্বে এই আবেদনক ‘আইনী প্ৰক্ৰিয়াৰ গুৰুতৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছিল। আৰু ২৮৮খন আসনৰ বাবে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱাৰ বাবে আবেদনকাৰীৰ আইনী অৱস্থানক লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰো ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ নাংমেইকাপাম কোটিশ্বৰ সিঙৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আবেদনকাৰীৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। শুনানিৰ অন্তত দিল্লীত থকা আহিৰৰ অধিবক্তা তথা ক্ষতিগ্ৰস্ত বহুজন আঘাড়ীৰ মুৰব্বী প্ৰকাশ আম্বেদকাৰে কয় যে উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানিও নোপোৱাটো দুৰ্ভাগ্যজনক।

ইয়াৰ পূৰ্বে বোম্বাই উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছিল যে এই আবেদনখন তৃতীয় পক্ষৰ তথ্যৰ ওপৰত নিৰ্ভৰশীল। অধিবক্তা প্ৰকাশ আম্বেদকাৰে কয় যে, “প্ৰশ্ন আছিল চেতন আহিৰ কোন। আমি কৈছিলো যে তেওঁ এজন নাগৰিক আৰু দেশৰ ভোটাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আদালতে সেই কথা নুশুনিলে। যদি এই ধাৰা চলি থাকে, য’ত এজন নাগৰিক আৰু এজন ভোটাৰে কোনো আবেদন বা আপীল দাখিল কৰিব নোৱাৰে, তেন্তে অনাগত দিনত কোনেও আবেদন দাখিল নকৰে।”