NORTHEAST NOW (Assamese)
Popular Stories

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 3:49 pm

শশী থাৰুৰে দলৰ বিপৰীত সুৰত কথা কোৱাটো এক নৈমিত্যিক ঘটনা। যিকোনো বিষয়ত দলৰ চৰকাৰী স্থিতিৰ বিপৰীতে কথা কোৱাৰ অভ্যাস তেওঁৰ সঘনাই দেখা গৈছে। কেন্দ্রই প্রস্তাৱিত সংবিধান (১১৩ সংশোধনী) বিধেয়ক সন্দর্ভত তেওঁৰ একেই স্থিতি৷ থাৰুৰে কয়, “যদি কোনোবাই ৩৯ দিন জেলত থাকে, তেন্তে তেওঁৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাব পৰাটো স্বাভাৱিক। সাধাৰণ জ্ঞানে সেইটোৱেই কয়।”

বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে। কেন্দ্ৰীয় শাসিত প্ৰশাসন (সংশোধনী) বিধেয়ক ২০২৫, সংবিধান (১৩০ তম সংশোধনী) বিধেয়ক ২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৫।এই বিধেয়কসমূহ মূলতঃ সংবিধান সংশোধনৰ লক্ষ্যৰে অনা হৈছিল। কোনো গুৰুতৰ অপৰাধৰ সৈতে জড়িত কোনো মন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যাতে নিজৰ পদৰ বাবে সাংবিধানিক সুৰক্ষা লাভ নকৰে তাৰ বাবে বিধেয়কখনে নিশ্চিত কৰিছে। প্রস্তাৱিত বিধেয়কখনত উল্লেখ আছে যে কোনো ৰাজ্যৰ প্রধানমন্ত্রী, কেন্দ্রীয় মন্ত্রী বা মুখ্যমন্ত্রী আৰু মন্ত্রী পদত অধিষ্ঠিত থকাৰ সময়ত কোনো গুৰুতৰ অপৰাধৰ বাবে ৩০ দিনতকৈ অধিক সময় কাৰাগাৰত থকা যিকোনো ব্যক্তিক পদৰ পৰা অপসাৰণ কৰা হব৷

কংগ্ৰেছকে ধৰি সমগ্ৰ বিৰোধী শিবিৰে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ভাৰতীয় মিত্ৰজোঁটে কয় যে এইটো আচলতে বিৰোধীয়ে নিৰ্বাচিত চৰকাৰক উফৰাই দিয়াৰ ষড়যন্ত্ৰ। দৰাচলতে সুৰা কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱাৰ পিছতো দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰা নাছিল। তেওঁ জেলৰ পৰাই বহুদিন চৰকাৰ চলাইছিল। ইয়াৰ ফলত প্ৰশাসনৰ বিভিন্ন স্তৰত সমস্যাৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে বিজেপিয়ে। এনে পৰিস্থিতিত মোদী চৰকাৰে বিৰোধী চৰকাৰক উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি বিৰোধীৰ অভিযোগ। নিৰ্বাচনত পৰাজিত হব নোৱাৰি চৰকাৰক ঘূৰণীয়া ৰূপত উফৰাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে।

অৱশ্যে শশীয়ে কংগ্ৰেছৰ বিপৰীত কথা কৈছে স্বাভাৱিকতে। তেওঁ কয় যে যদি কোনোবাই ৩০ দিন জেলত থাকে, তেন্তে তেওঁলোকে নিজৰ পদ হেৰুৱাবলগীয়া হোৱাটো স্বাভাৱিক। তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীয়ে কয় যে চৰকাৰে এতিয়া আলোচনা অবিহনে বিধেয়কখন গৃহীত কৰা নাই। বিধেয়কখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হব। আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হব।