NORTHEAST NOW (Assamese)
অসম

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2025 10:31 am

প্ৰবাসী ভাৰতীয় উদ্যোগপতি, জন হিতৈষী আৰু দানবীৰ লৰ্ড স্বৰাজ পলৰ বৃহস্পতিবাৰে সন্ধিয়া লণ্ডনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ বয়স আছিল ৯৪ বছৰ। বয়সজনিত অসুখৰ বাবে কিছুদিন পূৰ্বে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

স্বৰাজ পল আছিল ব্ৰিটেইনৰ কেপাৰো গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক। ব্ৰিটেইন, উত্তৰ আমেৰিকা, ভাৰত, পশ্চিম এছিয়াকে ধৰি বিশ্বৰ ৪০টা স্থানত এই কোম্পানীটোৰ কাৰ্যালয় আছে। তেওঁৰ পুত্ৰ আকাশ পল ১৯৯২ চনত কোম্পানীটোৰ চিইঅ’ হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু ৰাজনীতিবিদ, উদ্যোগপতি, ভাৰত আৰু বিদেশৰ বিশিষ্ট ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ব্ৰিটিছ সংসদৰ উচ্চ সদনত তেওঁৰ সহযোগী লৰ্ড বাৰ্মি ৰেঞ্জাৰেও শোক প্ৰকাশ কৰিছে।

মূলতঃ জলন্ধৰৰ বাসিন্দা স্বৰাজ পলে ষাঠিৰ দশকত সৰু কন্যাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল। কিন্তু তাতো কামত নাহিল। মাত্ৰ চাৰি বছৰ বয়সতে মৃত্যু হয় অম্বিকাৰ। তেতিয়াৰ পৰাই তেওঁ ব্ৰিটেইনতে থাকিল। পিছলৈ তেওঁ অম্বিকা পল ফাউণ্ডেশ্যন নামেৰে এটা সংস্থা গঠন কৰে। এই সংস্থাই শিশুৰ চিকিৎসাকে ধৰি বিভিন্ন বিষয়ত সহায় কৰে।

২০১৫ চনত পুত্ৰ অংগদ পল আৰু ২০২২ চনত পত্নী অৰুণা পলৰ মৃত্যুৰ পিছতো একেধৰণৰ দাতব্য সংস্থা প্ৰতিষ্ঠা কৰা উদ্যোগপতিগৰাকীয়ে দেশৰ পৰা ইমান দূৰত থকাৰ পিছতো ভাৰতৰ পৰা মানসিক দূৰত্ব বৃদ্ধি হ’বলৈ কেতিয়াও নিদিলে।

প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধী, প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ সৈতে তেওঁৰ সু-সম্পর্কৰ কথা সকলোৱে জানে৷ ইংলেণ্ডলৈ যোৱাৰ সময়ত ভাৰতৰ বহু বিশিষ্ট ৰাজনৈতিক নেতাই তেওঁক লগ পাইছিল।