NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2025 3:46 pm

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে যদি হামাছে অস্ত্ৰ ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত নহয় তেন্তে গাজা চহৰ ধ্বংস কৰা হব।

প্ৰতিৰক্ষা মন্ত্ৰী কাটজৰ এই সতৰ্কবাণী এনে এটা সময়ত দিয়া হৈছে যেতিয়া ইজৰাইলৰ মন্ত্ৰীসভাই ব্যাপক আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিৰোধিতাৰ মাজতো গাজা চহৰত বৃহৎ পৰিসৰৰ আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনাইছে।

কাটাৰৰ মতে, সোমবাৰে হামাছে কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীয়ে প্ৰস্তুত কৰা ৬০ দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

এই প্ৰস্তাৱত গাজাত বাকী থকা পণবন্দীসকলৰ আধাসংখ্যকক মুকলি কৰি দিয়াৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে “ইজৰাইলৰ বাবে গ্ৰহণযোগ্য চৰ্তৰ ভিত্তিত গাজা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আলোচনাৰ নিৰ্দেশ দিছে।

প্ৰতিৰক্ষা মন্ত্ৰী কাটজে সকীয়াই দিয়ে যে, “যদি হামাছে এই কথাত সন্মতি নিদিয়ে তেন্তে গাজা চহৰো ৰাফাহ আৰু বেইট হানুনৰ দৰে ধ্বংসাৱশেষত পৰিণত হব।

ইজৰাইলৰ সামৰিক অভিযানৰ অন্তত ইতিমধ্যে দুয়োখন চহৰ প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

যোৱা মাহত যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ পৰোক্ষ আলোচনা বিফল হোৱাৰ পিছত নেতানিয়াহুৱে গাজা নিয়ন্ত্ৰণ কৰাৰ নতুন পৰিকল্পনা ঘোষণা কৰিছিল।