NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চীনৰ ৰাষ্ট্ৰপতি জিনপিনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ : তীব্ৰ প্ৰশ্নবাণ, সমালোচনা কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2025 1:25 pm

দেওবাৰে চীনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকক লক্ষ্য কৰি কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, “২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনৰ আগ্ৰাসনৰ বাবে আমাৰ ২০ জন সাহসী সৈনিকে নিজৰ প্ৰাণ আহুতি দিছিল। ইয়াৰ পিছতো ২০২০ চনৰ ১৯ ​​জুনত প্ৰধানমন্ত্ৰী মোদীয়ে চীনক ক্লিন চিট দিছিল”।

জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘‘নিউ নৰ্মেল’ক চীনৰ আগ্ৰাসন আৰু আমাৰ চৰকাৰৰ কাপুৰুষাৰে সংজ্ঞায়িত কৰা উচিত নেকি?”

২০২০ চনৰ ১৫ জুনত পূব লাডাখৰ গালৱান উপত্যকাত সংঘটিত হোৱা সংঘাত ভাৰত-চীন সীমান্তত বিগত চাৰিটা দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ সংঘাত বুলি অভিহিত কৰা হয়।

এই সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হয়। চীনৰো বহু সৈন্যও নিহত হয়।

কংগ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টত লিখিছে, “অপাৰেচন সিন্দূৰৰ সময়ত চীনে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰিছিল।”

চীনৰ টিয়ানজিনত অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে চাংহাই সহযোগিতা সংস্থাৰ বৈঠক।

এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ উপৰিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও অংশগ্ৰহণ কৰিছে।

ভাৰতীয় জনতা পাৰ্টিয়েও অফিচিয়েল এক্স একাউণ্টত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বৈঠকৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ (ভাৰত আৰু চীন) সম্পৰ্কই ইতিবাচক দিশ লাভ কৰিছে। সীমান্তত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰ আৰম্ভ হৈছে কৈলাশ মানসৰোৱৰ যাত্ৰা।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, “দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱাও পুনৰ আৰম্ভ কৰা হৈছে। ২৮ কোটি লোকৰ স্বাৰ্থ আমাৰ দেশৰ মাজত সহযোগিতাৰ সৈতে জড়িত। আমি আমাৰ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”