NORTHEAST NOW (Assamese)
দেশ

৩০ ছেপ্টেম্বৰত প্ৰকাশ হ’ব বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা: নিৰ্বাচন আয়োগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2025 3:30 pm

বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত নিৰ্বাচন আয়োগে জনাইছে যে এতিয়ালৈকে নাম বাদ দিবলৈ ১.৯৭ লাখ অনুৰোধ আৰু নাম সংযোজনৰ বাবে প্ৰায় ৩০ হাজাৰ আৱেদন দাখিল হৈছে। ৩০ আগষ্ট সোমবৰে  দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে ইতিমধ্যে ১ আগষ্টত প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫.৬ লাখ নাম আঁতৰোৱা হৈছিল। ইয়াৰ ভিতৰত ২২ লাখ মৃত ভোটাৰ, ৩৬ লাখ স্থানান্তৰিত বা সন্ধান নোপোৱা লোক আৰু ৭ লাখ ডুপ্লিকেট নাম আছিল।

১ আগষ্টৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰায় ১৩.৩ লাখ নতুন ভোটাৰে নাম ভৰ্তিৰ বাবে আবেদন কৰিছে। ইয়াৰ ফলত চূড়ান্ত ভোটাৰ তালিকাত খচৰাত থকা ৭.২৪ কোটি নাম অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

নিৰ্বাচোন আয়োগে জনাইছে যে, এতিয়ালৈকে ৯৯.১১% ভোটাৰে পৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথি জমা কৰিছে। আনহাতে, ৰাজনৈতিক দলৰ বুথ-স্তৰৰ এজেণ্টসকলে নাম সংযোজনৰ বাবে ২৫টা আৰু নাম বাদৰ বাবে ১০৩টা দাবী দাখিল কৰিছে। চূড়ান্ত ভোটাৰ তালিকা ৩০ ছেপ্টেম্বৰত প্ৰকাশ হ’ব বুলি ঘোষণা কৰিছে।