NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 7:25 pm

যোৱা ১০ ছেপ্টেম্বৰত গোলোকগঞ্জত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত জপিয়াই পৰিছিল অসম আৰক্ষী। ধুবুৰীৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল খিলঞ্জীয়া ৰাইজক।

জনজাতিকৰণৰ দাবীত সমবেত হোৱা ১০০ জনতকৈও অধিক আন্দোলনকাৰী আৰক্ষীৰ লাঠিচাৰ্জত আঘাতপ্ৰাপ্ত হৈছিল।

ইয়াৰ কেইদিনমান পিছতেই লীনা দলেক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়া হয়। নিৰ্দেশ অনুসৰি, লীনা দলেক ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ পদৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।

জানিব পৰা মতে, লীনা দলেৰ ঠাইত কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক দেৱাশীষ বৰাক সাময়িকভাৱে ধুবুৰীৰ দায়িত্ব ল’বলৈ নিযুক্তি দিয়া হৈছে।