NORTHEAST NOW (Assamese)
অসম

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 8:29 pm

ৰাজ্য কঁপাই যোৱা পংখী সন্দিকৈৰ হত্যাকাণ্ডৰ কথা আপোনাৰ মনত নিশ্চয় আছে। শিৱসাগৰ মহাবিদ্যালয়পৰা ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম শ্ৰেণী স্নাতক ডিগ্ৰীধাৰী তথা এগৰাকী আবৃত্তিকাৰ , মডেল , অভিনেত্ৰী , ঘোষক হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পংখী সন্দিকৈ নামৰ ২২ বছৰীয়া ছাত্ৰীগৰাকীয়ে ২০২৪ চনৰ ৩ মে’ তাৰিখে প্ৰাণ হেৰুৱাইছিল স্বামী নীতিকেশ দাসৰ হাতত।

নামৰূপ আৰক্ষীয়ে স্বামী নিতিকেশ দাসক গ্ৰেপ্তাৰ কৰি 29/2024 গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 498(A)/306 ৰ অধীনত জে’ললৈ প্ৰেৰণ কৰিছিল যদিও যোৱা ২৬ জুনত জামিনত মুকলি হৈ আহিছিল নীতিকেশ দাস।

প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে মৃত্যু হয় অভিযুক্ত নীতিকেশ দাসৰ। পথ দুৰ্ঘটনাত পতিত হৈছিল নীতিকেশ দাস। দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীনি হৈ আছিল নীতিকেশ। তাতেই চিকিৎসাধীন অৱস্থাত নীতিকেশৰ মৃত্যু হয়।

জানিব পৰা মতে, উচ্চ ৰক্তচাপ ৰোগতো আক্ৰান্ত আছিল নীতিকেশ দাস।