NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানলৈ দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ মাতৃক নিমন্ত্ৰণ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2025 2:40 pm

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অক্টোবৰ মাহত বিজয়া দশমী আৰু সংগঠনটোৰ শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ মাতৃক আমন্ত্ৰণ জনাইছে।

সূত্ৰ অনুসৰি, ৫ অক্টোবৰত অমৰাৱতী কিৰণ নগৰৰ স্থানীয় অঞ্চলৰ শ্ৰীমতী নৰসম্মা মহাবিদ্যালয় ময়দানত আৰ এছ এছৰ অমৰাৱতী মহানগৰ শাখাই আয়োজন কৰা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে দেশৰ মুখ্য ন্যায়াধীশৰ মাতৃ ড০ কমলতাই গাভাইক আমন্ত্ৰণ জনোৱা হৈছে।

কমলতাই গাভাইৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতিৰে PTI-এ প্ৰকাশ কৰিছে যে তেওঁ এই নিমন্ত্ৰণ লাভ কৰিছে। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব আৰ এছ এছৰ জ্যেষ্ঠ নেতা জে নন্দ কুমাৰ।

১৯২৫ চনত বিজয়া দশমীৰ দিনা প্ৰতিষ্ঠা হোৱা আৰ এছ এছে ২ অক্টোবৰত নাগপুৰস্থিত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতৰ বাৰ্ষিক বিজয়া দশমীৰ ভাষণৰ পৰা আৰম্ভ কৰি শতবাৰ্ষিকী উপলক্ষে দেশজুৰি এক লাখৰো অধিক ‘হিন্দু সন্মিলন আৰু হাজাৰ হাজাৰ আলোচনা চক্ৰকে ধৰি ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।