NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নেপালৰ পিছত এইবাৰ ‘জেন জি’ৰ প্ৰতিবাদ মাদাগাস্কাৰত : চৰকাৰ ভংগ কৰাৰ ঘোষণা ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 8:00 pm

নেপালৰ পিছত ‘জে জি’ৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাদাগাস্কাৰত। মাদাগাস্কাৰত ‘জেন জি’ৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত চৰকাৰ ভংগ কৰাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি পানী আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে অতিষ্ঠ হৈ প্ৰতিবাদত নামিছিল যুৱ প্ৰজন্ম। যোৱা কেইবাদিনো ধৰি চলি আহিছিল এই প্ৰতিবাদ।

সোমবাৰে টেলিভিছনযোগে দিয়া ভাষণত এণ্ড্ৰি ৰাজোলিনাই কয় যে যদি চৰকাৰে ন্যস্ত দায়িত্ব পালন কৰা নাই তেন্তে আমি আমাৰ ভুল মানি লৈ ক্ষমা বিচাৰিছো। লগতে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে কৰা আক্ৰমণক গৰিহণা দিছোঁ।

ৰাষ্ট্ৰসংঘই জনোৱা মতে, এই প্ৰতিবাদত কমেও ২২ জন লোক নিহত হোৱাৰ লগতে ১০০ জন লোক আহত হৈছে।