NORTHEAST NOW (Assamese)
Popular Stories

বোৰ্খা পিন্ধি ভোট দিবলৈ অহা মহিলাৰ হ’ব লাগে তদন্তঃ নিৰ্বাচন আয়োগক দাবী বিহাৰ বিজেপিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2025 6:56 pm

বিহাৰৰ বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালে শনিবাৰে আগন্তুক বিধানসভা নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়। লগতে ভোটকেন্দ্ৰলৈ বোৰ্খা পিন্ধি অহা মহিলাসকলৰ মুখখন যাতে ভোটাৰ পৰিচয় পত্ৰৰ সৈতে মিলে তাক নিশ্চিত কৰিবলৈ আহ্বান জনায়।

দেশৰ আগশাৰীৰ সংবাদপত্ৰ দ্য টেলিগ্ৰাফৰ তথ্য অনুসৰি, বিজেপিৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত বিহাৰলৈ যোৱা নিৰ্বাচন আয়োগৰ দলটোক সাক্ষাৎ কৰি সংবেদনশীল বুথ আৰু ভোটাৰক ভয় দেখুৱাই বুথ দখল কৰাৰ ইতিহাস থকা বুলি সন্দেহ কৰা অঞ্চলসমূহত অৰ্ধসামৰিক বাহিনী পৰ্যাপ্তভাৱে নিয়োগ কৰিবলৈও অনুৰোধ জনায়।

বৈঠকৰ অন্তত জয়ছোৱালে সাংবাদিকৰ আগত কয়, ‘আমি নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো যে বিহাৰ নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত কৰিব লাগে। নিৰ্বাচন প্ৰক্ৰিয়া একাধিক পৰ্যায়ত সম্পূৰ্ণ কৰাৰ প্ৰয়োজন নাই।’ লগতে তেঁও কয় যে,  ইয়াৰ উপৰিও ভোটাৰ বিশেষকৈ বোৰ্খা পিন্ধা মহিলাসকলৰ মুখখন তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে মিলাই চাব লাগে যাতে কেৱল প্ৰকৃত ভোটাৰেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে।

জয়ছোৱালে আৰু কয় যে, “আমি এইটোও অনুৰোধ কৰিছো যে অতি পিছপৰা শ্ৰেণীৰ অধিক জনসংখ্যা থকা গাঁৱত কেইদিনমান আগতেই অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হওক।