NORTHEAST NOW (Assamese)
অসম

প্ৰাণৰ মায়াত ঘৰলৈ উভতিল যোৰহাট মেডিকেল কলেজৰ ৪০ জন কার্বি চাফাই কর্মী

Posted by: এন ই নাও নিউজ June 11, 2018 11:18 am
JMCH-1

কার্বি আংলঙৰ ডকমকাত দুগৰাকী যুৱকক এদল উন্মত্ত লোকে অতি নৃশংসভাৱে হত্যা কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ  যোৰহাটতো ইয়াৰ প্রভাৱ পৰিছে। যোৰহাট মেডিকেল কলেজত কর্মৰত ৪০ গৰাকী কাৰ্বি সম্প্ৰদায়ৰ চাফাই কর্মীয়ে দেওবাৰে প্রাণৰ মায়াত ঘৰলৈ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

শনিবাৰৰে পৰা যোৰহাট মেডিকেল কলেজত আৰক্ষী প্রশাসন সষ্টম হৈ থকাৰ মাজতে দেওবাৰে পুৱা একাংশ অজ্ঞাত লোকে যোৰহাট মেডিকেল কলেজৰ চৌহদত কার্বি চাফাই কর্মীসকলক ভীতি প্রদর্শন কৰি শীঘ্রেই সেই স্থান ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে। তেওঁলোকক আনকি মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে চাফাই কৰ্মীসকল ভীতিগ্রস্ত হৈ অধিক বিপদৰ আশংকা কৰি মেডিকেল কলেজখনত থকা কেইবাখনো ব্যক্তিগত এম্বুলেঞ্চ যোগে যোৰহাট ষ্টেশ্যনলৈ গৈ তাৰ পৰাই ৰে’লযোগে কার্বি আংলঙলৈ নিজৰ নিজৰ ঘৰলৈ ঢাপলি মেলে।

আনহাতে, চল্লিশগৰাকীকৈ কার্বি চাফাই কর্মীক যোৰহাট মেডিকেল কলেজৰ চৌপাশত এখন আৰক্ষী থানা থকা সত্ত্বেও ভাবুকি দিবলৈ কেনেকৈ অজ্ঞাত দুর্বৃত্ত সোমাবলৈ পালে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

বৰ্তমান মেডিকেল কলেজখনৰ চৌপাশে আৰক্ষী তথা সেনাক সষ্টম কৰি ৰখা হৈছে।

উল্লেখযোগ্য যে অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা প্রতিক্রিয়াশীল চক্রটোৱে যোৰহাট মেডিকেল কলেজৰ চৌহদত প্রৱেশ কৰাটো সচেতন সচেতন ৰাইজে সহজভাৱে ল’ব পৰা নাই।

আনহাতে,মেডিকেল কলেজখনৰ চৌহদত থকা চিকিৎসক-নাৰ্চকে ধৰি কাৰ্বিলোকসকল ভীতিগ্রস্ত হৈ পৰিছে। দেওবাৰে সন্ধিয়া যোৰহাট মেডিকেল কলেজৰ ল’ৰা আৰু ছোৱালী দুয়োটা হোষ্টেল পৰিদর্শন কৰি যোৰহাটৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰে আৱাসীসকলক ভীতিগ্রস্ত নহ’বলৈ আহবান জনায়।