আকৌ অশান্ত ইউক্ৰেইন : ৰাছিয়াৰ ক্ষেপণাস্ত্ৰত মৃত্যু চাৰি নাগৰিকৰ, ক্ষতিগ্ৰস্ত লাখ লাখ লোক

পুনৰ অশান্ত হৈ পৰিছে ইউক্ৰেইন। ৰাছিয়াই আকৌ আক্ৰমণ কৰিছে ইউক্ৰেইনক। বুধবাৰে নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণত ত্ৰস্ত হৈ পৰে ইউক্ৰেইনৰ উত্তৰ অঞ্চলৰ চেৰ্নিহিভ চহৰ।
স্থানীয় বিষয়াসকলে কয় যে এই আক্ৰমণৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
নভহোৰড-চিভাৰস্কি চহৰৰ আৱাসিক অঞ্চলত সংঘটিত এই আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ লগতে এগৰাকী ১০ বছৰীয়া কিশোৰীকে ধৰি আন দহজন আহত হয়।
ইউক্ৰেইনৰ শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ এই আক্ৰমণত নিশাৰ ভিতৰতে চহৰখনৰ বিদ্যুৎ আৰু পানীৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।
ইফালে ৰাছিয়াই দাবী কৰিছে যে এই আক্ৰমণত সামৰিক আৰু ঔদ্যোগিক ক্ষেত্ৰকহে লক্ষ্য কৰি কৰা হৈছে। আনহাতে, ইউক্ৰেইনৰ বিষয়াসকলে কয় যে এই আক্ৰমণ সাধাৰণ নাগৰিকক আতংকিত কৰাৰ প্ৰয়াস আছিল।
চেৰ্নিহিভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ যোৱা কেইটামান সপ্তাহত ৰাছিয়াৰ নতুন আক্ৰমণাত্মক প্ৰধান লক্ষ্য হৈ পৰিছে। বাৰে বাৰে শক্তি কেন্দ্ৰ, ৰেল নেটৱৰ্ক, আৰু অসামৰিক বাসগৃহসমূহক লক্ষ্য কৰি লৈছে ৰাছিয়াই।