NORTHEAST NOW (Assamese)
অসম

অসমত কৰ্মৰত সেনা জোৱানৰ কামনাৰ বলি মহিলা! অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2024 2:25 pm

পুনৰ এক সেনা জোৱানৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ! এই ঘটনাক লৈ মধ্যপ্ৰদেশৰ ইন্দোৰত উত্তেজনা বিয়পি পৰিছে। অভিযুক্ত জোৱানজনে যদিও অসমত কাম কৰি আছে, যোৱা শুকুৰবাৰে তেওঁ ছুটীত ইন্দোৰলৈ গৈছিল।

ইয়াৰ পিছতে মহানগৰীৰ এখন হোটেললৈ পূৰ্বতে চিনাকি মহিলা এগৰাকীক মাতি আনি ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপন হয়। শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সেনা জোৱান সঞ্জয়ক।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৩৫ বছৰীয়া মহিলাগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ব্যক্তিগত অংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

লগতে পঢ়কঃ অহা ২ দিনৰ ভিতৰতে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে

শুকুৰবাৰে নিশা ইন্দোৰৰ এখন হোটেলত অভিযুক্ত সেনা জোৱানজনে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে ভুক্তভোগীয়ে নিশা স্থানীয় মহিলা আৰক্ষী থানালৈ গৈ লিখিত এজাহাৰ দাখিল কৰে।

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে অভিযুক্ত সেনা জোৱানজনে মহিলাগৰাকীক ডেৰ বছৰ ধৰি চিনি পাইছিল। সেইবাবেই অভিযুক্তই মহিলাগৰাকীক লগ কৰিবলৈ অসমৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰলৈ আহিব বিচাৰে। পূৰ্বৰ চিনাকিৰ বাবে অভিযুক্ত সঞ্জয়ৰ মতে ইন্দোৰৰ হোটেলতো উপস্থিত হয় মহিলাগৰাকী। তাতেই তেওঁক নিৰ্মম নিৰ্যাতন কৰা হৈছিল।

লগতে পঢ়কঃবিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল,মান্তি নহ’ল; চাঞ্চল্যকৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৌশল্যা চৌহানে কয় যে, “যেতিয়া ভুক্তভোগী মহিলাগৰাকী আমাৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ যন্ত্ৰণাত কান্দি উঠিছিল। ইতিমধ্যে অভিযুক্ত সেনা জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে”।