• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল,মান্তি নহ’ল; চাঞ্চল্যকৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 11:10 am
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ফাইল ফটোঃ সংগ্ৰহীত।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন শেষ হোৱাৰ চাৰে চাৰি মাহৰ পাছত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক বিৰোধী শিবিৰৰ পৰাই প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়া হৈছিল।

গাডকাৰীয়ে কয় যে বিৰোধী শিবিৰৰ এজন শীৰ্ষ নেতাই তেওঁক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰিছিল। তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে।

অৱশ্যে নেতাজনৰ নাম প্ৰকাশ নকৰিলে গাডকাৰীয়ে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে শাৰদ পাৱাৰ আৰু তেওঁৰ মাজত হোৱা বৈঠক সন্দৰ্ভত পুনৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Apply Now

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীয়ে পাব নতুন ‘চন্দ্ৰ’, কিমান দিন ৱৰ্তি থাকিব অস্তিত্ব?

চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে মুম্বাইত পাৱাৰ আৰু গাডকাৰীৰ গোপন আলোচনা হোৱা বুলি সংবাদ মাধ্যমত বাতৰি ওলাইছিল। গডকাৰীক প্ৰধানমন্ত্ৰী হিচাপে বিৰোধী শিবিৰৰ প্ৰস্তাৱ দিয়া বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেই বিতৰ্কৰ মাজত গাডকাৰীয়ে জনাইছিল যে তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো ইচ্ছা নাই। কিন্তু পাৱাৰৰ সৈতে হোৱা ব্যক্তিগত সাক্ষাৎকাৰক লৈ তেতিয়া তেওঁ মুখ খোলা নাছিল।

শনিবাৰে নিশা নাগপুৰত অনুষ্ঠিত এক অনুষ্ঠানত গাডকাৰীয়ে কয় যে এজন নেতাই মোক প্ৰধানমন্ত্ৰী কৰাৰ বাবে বিৰোধী শিবিৰৰ প্ৰস্তাৱ লৈ মোক সাক্ষাৎ কৰিছিল। মই প্ৰস্তাৱটো ঘূৰাই দি কৈছিলোঁ, মোৰ তেনে কোনো ইচ্ছা নাই। মই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘত থাকি ডাঙৰ হৈছো। এনে ব্যক্তিগত কামনাক সংঘই অনুমোদন নিদিয়ে। তদুপৰি ৰাজনীতিত ব্যক্তিগত উচ্চাকাংক্ষা গণতন্ত্ৰৰ বিপৰীত।

গাডকাৰীৰ এই দাবীক লৈ অৱশ্যে বিৰোধী শিবিৰৰ কোনো নেতাই মুখ খোলা নাই। কিন্তু দীৰ্ঘদিন ধৰি বিজেপিৰ এই নৰমপন্থী নেতাকলৈ চৰ্চা চলি আহিছে। নাগপুৰৰ সাংসদ গাডকাৰী সংঘৰ অতি ঘনিষ্ঠ। একে সময়তে দল আৰু বিৰোধী শিবিৰতো জনপ্ৰিয়। দলৰ সভাপতি হিচাপে থকা কাৰ্যকালত বিৰোধীৰ সৈতেও সু-সম্পৰ্ক বজাই ৰাখিছিল।

লগতে পঢ়কঃ চাকৰিৰ প্ৰলোভন দি যুৱতীক মাতি আনি হোটেলত ধৰ্ষণ! জিমৰ মালিকৰ বিৰুদ্ধে ৰুজু গোচৰ

এইবাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰৰ এটা অংশই বিচাৰিছিল, যদিহে বিজেপি ক্ষমতালৈ ঘূৰি অহাত বাধা দিব নোৱাৰি, তেন্তে অন্তত নৰেন্দ্ৰ মোডী যাতে পুনৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে সেইটো চেষ্টা চলোৱা হওক। যদিহে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপায় তেন্তে গাডকাৰীক সন্মুখত ৰাখিয়েই প্ৰধানমন্ত্ৰী সলনি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হ’ব। কিন্তু গাডকাৰীয়ে নিজেই দাবী কৰিছে যে তেওঁ সেই প্ৰচেষ্টা বিফল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd