NORTHEAST NOW (Assamese)
Popular Stories

AI-ডিপফেকৰ পৰা মুক্তি পাবলৈ তথ্য-প্ৰযুক্তি আইনত বৃহৎ পৰিৱৰ্তনৰ পোষকতা চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2025 8:12 pm

ডিপফেককে ধৰি এআই বা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ক্ষতিকাৰক উপাদান ৰোধ কৰিবলৈ ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আই টি আইনত বৃহৎ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। এই খচৰা আইনখনৰ লক্ষ্য হৈছে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক বিশ্বাসযোগ্য কৰি তোলা। আৰু ভুৱা বিষয়বস্তুৰ পৰিৱৰ্তে প্ৰকৃত তথ্য উপস্থাপন কৰা। চৰকাৰী নিয়ম অনুসৰি এআই ডেভেলপাৰ আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহে এআইৰ জৰিয়তে সৃষ্টি কৰা কন্টেন্টত এআই জেনেৰেটেড লেবেল লগোৱাটো বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰিছে।

মন্ত্ৰালয়ে কয় যে এআই সঁজুলিৰ অপব্যৱহাৰ কৰি বিভিন্ন ছবি বিকৃত কৰি ভুৱা বাতৰি প্ৰচাৰৰ ধাৰা যথেষ্ট বৃদ্ধি পাইছে। এনে এ আই সঁজুলিৰ পৰা সৃষ্টি হোৱা যিকোনো বিষয়বস্তুৱে দেশ বা সমাজত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে, ভুল তথ্য প্ৰচাৰ কৰিব পাৰে, নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে বা কোনো ব্যক্তিৰ ভুৱা ভাবমূৰ্তি সৃষ্টি কৰিব পাৰে।

প্ৰস্তাৱিত আইনখনে ছচিয়েল মিডিয়া কোম্পানীসমূহে নিশ্চিত কৰিব লাগিব যে ব্যৱহাৰকাৰীয়ে যিটো আপলোড কৰে সেয়া ডিপফেক মেটেৰিয়েল নহয়। এই নিয়মৰ লক্ষ্য হৈছে অধিক স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখা। দেশত প্ৰায় ১ বিলিয়ন লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ভাৰতৰ দৰে বহু ভাষা আৰু বিভিন্ন সংস্কৃতি থকা দেশত এটা ভুল তথ্যই সামাজিক স্থিতিশীলতাক বিঘ্নিত কৰিব পাৰে। ভুল ছবি পোষ্ট কৰিলে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পাৰি। সেই ঘটনাটো আগতেও ঘটিছে। গতিকে গণতন্ত্ৰৰ বাবে ই অতি বিপদজনক। চৰকাৰী সূত্ৰ অনুসৰি এই প্ৰস্তাৱৰ দৃষ্টিভংগী হৈছে নাগৰিকক সুৰক্ষিত ৰখা।