NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা সতীশ শ্বাহৰ ৭৪ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 6:17 pm

‘জানে ভি দো ইয়াৰো’ আৰু টিভি কমেডী চাৰাভাই বনাম চাৰাভাইত অভিনয়েৰে খ্যাতি অৰ্জন কৰা ভাৰতৰ প্ৰবীণ অভিনেতা সতীশ শ্বাহৰ শনিবাৰে ৭৪ বছৰ বয়সত মৃত্যু হয়।

জানিব পৰা মতে অভিনেতা গৰাকীয়ে বান্দ্ৰা ইষ্টৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে এই মৃত্যুৰ কাৰণ কিডনী বিকল হোৱা বুলি কোৱাৰ বিপৰীতে তেওঁ ৩০ বছৰতকৈও অধিক সময় ধৰি সহায়ক হিচাপে থকা ৰমেশ কদাতলাই হাৰ্ট এটেক হোৱা বুলি মত পোষণ কৰে যদিও তেওঁ কয় যে আমি চিকিৎসকৰ চূড়ান্ত প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো।

উল্লেখ্য যে ১৯৫১ চনৰ ২৫ জুনত জন্মগ্ৰহণ কৰা শ্বাহ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউটৰ (এফ টি আই আই) স্নাতক। জানে ভি দো ইয়াৰো (১৯৮৩) ৰ দৰে ছবিত অভিনয়ৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিছিল, য’ত তেওঁ নাছিৰুদ্দিন শ্বাহ, ওম পুৰী, আৰু পংকজ কাপুৰৰ সৈতে দুৰ্নীতিগ্ৰস্ত পৌৰ আয়ুক্ত ডি’মেলোৰ চৰিত্ৰত অভিনয় কৰিছিল; মালমাল, হিৰো হীৰালাল, মেইন হুন না, আৰু কাল হো না হো আদি ছবিটো তেওঁ অভিনয় কৰিছিল।

টেলিভিছনত সৰভাই বনাম চাৰাভাইত ইন্দ্ৰবাদন সাৰাভাইৰ চিনাকি চিত্ৰণৰ পূৰ্বে য়েহ জো হায় জিন্দগী আৰু ফিল্মী চক্কৰৰ দৰে ধাৰাবাহিকৰ জৰিয়তে শ্বাহ জনপ্ৰিয় হৈ পৰিছিল।