NORTHEAST NOW (Assamese)
Popular Stories

ওমৰ খালিদ আৰু অন্যান্যৰ জামিন আবেদনৰ বিৰুদ্ধে শপতনামা দাখিল দিল্লী চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2025 5:03 pm

দুহেজাৰ বিশ চনৰ দিল্লীত ঘটা সংঘৰ্ষৰ গোচৰত ওমৰ খালিদ আৰু অন্যান্যসকলৰ হৈ দাখিল কৰা জামিন আৱেদনৰ বিৰুদ্ধে বৃহস্পতিবাৰে (৩০ অক্টোবৰ )শপতনামা দাখিল কৰে দিল্লী চৰকাৰে।

দিল্লী চৰকাৰে যুক্তি দিছিল যে আবেদনকাৰীসকলৰ বিৰুদ্ধে চাক্ষুষ আৰু অস্বীকাৰ কৰিব নোৱাৰা তথ্যচিত্ৰৰ লগতে প্ৰমাণ চৰকাৰৰ ওচৰত আছে। এনে কামে সাম্প্ৰদায়িক সংঘৰ্ষক উদগনি যোগায়।

শপতনামাত লগতে কোৱা হৈছে যে সাম্প্ৰদায়িক সম্প্ৰীতি ধ্বংস কৰি দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ মূলতে আঘাত হানিবলৈ খালিদে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু কাৰ্যকৰী কৰিছিলকেৱল জনসমাগমৰ মাজৰ শান্তি ভংগ কৰাই নহয়, সশস্ত্ৰ বিদ্ৰোহৰ বাবেও ভিৰক উচটনি দিয়া হৈছিল বুলি অভিযোগ উঠিছিল।

উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষ সম্পৰ্কীয় বৃহত্তৰ ষড়যন্ত্ৰমূলক গোচৰৰ বাবে মানৱাধিকাৰ কৰ্মী শ্বাৰ্জিল ইমাম, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন গৱেষক ওমৰ খালিদ আৰু আন তিনিজন ব্যক্তিৰ জামিন আবেদনৰ শুনানি ৩১ অক্টোবৰলৈ উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছিল।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জৰিয়াৰ বিচাৰপীঠত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে শপতনামা দাখিল কৰিবলৈ অতিৰিক্ত সময় বিচাৰিছিল।