NORTHEAST NOW (Assamese)
অসম

জেএনইউৰ উপাচাৰ্য এম জগদেশ কুমাৰক ইউজিচিৰ অধ্যক্ষ নিযুক্তি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 4, 2022 8:37 pm
জেএনইউৰ উপাচাৰ্য এম জগদেশ কুমাৰক ইউজিচিৰ অধ্যক্ষ নিযুক্তি

৭ ডিচেম্বৰৰ পৰাই খালী হৈ থকা বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) অধ্যক্ষ পদত জেএনইউৰ উপাচাৰ্য এম জগদেশ কুমাৰক আজি কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিছে।

কুমাৰে পাঁচ বছৰৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰিব।

তেওঁ পাঁচ বছৰৰ বাবে বা তেওঁ ৬৫ বছৰ বয়স নোহোৱালৈকে ইউজিচিৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি যাব পাৰিব।

অধ্যাপক ডি পি সিঙে পদত্যাগ কৰাৰ পিছত ৭ ডিচেম্বৰৰ পৰা ইউজিচিৰ অধ্যক্ষ পদ খালী হৈ আছিল।

কুমাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাদ্ৰাজৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ পৰা এমএছ আৰু পিএইচডি ডিগ্ৰী লাভ কৰিছিল।

তেওঁ পূৰ্বে আইআইটি খড়গপুৰত সহকাৰী অধ্যাপক আৰু আইআইটি দিল্লীত সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।