NORTHEAST NOW (Assamese)
Popular Stories

মহামহিম ৰাজ্যপালক চৰম অপমান! মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ স্থান ৰাজ্যপালতকৈয়ো ওপৰত নেকি?

Posted by: আৰমিন চুলতানা Updated by: আৰমিন চুলতানা November 10, 2025 2:13 pm

লাচিত ঘাটত কালি অনুষ্ঠিত হৈ যোৱা ভাৰতীয় বায়ু সেনাৰ ৯৩তম প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত সংঘটিত হয়, কেতিয়াও নেদেখা নোপজা ঘটনা। এক অতি অস্বাভাবিক আৰু প্ৰটকল-বিৰোধী দৃশ্য। অনুষ্ঠানৰ আৰম্ভণিতে সম্বোধনা অনুষ্ঠানত প্ৰথমে সম্বোধনা কৰা হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু তাৰ পাছতেই সম্বোধন কৰা হয় তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম।

যি কোনো চৰকাৰী দায়িত্বত নাই বা কোনো সাংবিধানিক পদত নিযুক্তও নহয়। উল্লেখ্য যে, ৰিণিকি ভূঞা শৰ্মাৰ পিছতহে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যৰ নাম সম্বোধন কৰিবলৈ আহৰি পায় ব্যৱস্থাপনা সমিটিয়ে। উল্লেখযোগ্য যে, সংবিধান অনুসৰি ৰাজ্যপাল এগৰাকী ৰাজ্যৰ শীৰ্ষ পদবীধাৰী। কিন্তু ৰাজ্যৰ শীৰ্ষ পদবীধাৰী গৰাকীক সৰ্বপ্ৰথমে সম্বোধন কৰাটো বাদেই দিয়ক। মুখ্যমন্ত্ৰীৰ পাছতো সম্বোধন কৰা নহল অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যক।

সমগ্ৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ এনে এক সন্মানীয় অনুষ্ঠানত, যত শৃঙ্খলা আৰু সাংবিধানিক অধিক্ৰম কঠোৰভাৱে মান্য হব লাগিছিল, তাত সকলো শৃংখলা  সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰীৰ পত্নীক ব্যক্তিগত সামীপ্য আৰু ভিআইপি ট্ৰিটমেন্ট দিয়া হল বুলি সচেতন মহলত সৰৱ চৰ্চা চলিছে। এনেধৰণৰ পৰম্পৰাক বহুতে সামান্য ভুল বুলি নহয়, বৰং স্পষ্টৰূপত প্ৰটকল ভংগ আৰু ব্যক্তিগত প্ৰাধান্য প্ৰতিষ্ঠাৰ ৰাজনীতি বুলি আখ্যা দিছে।

মুঠৰ ওপৰত, উক্ত এই ঘটনাটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সংবিধানিক পদৰ শীৰ্ষত থকা এগৰাকী ৰাজ্যপালক ব্যক্তিগত সম্পর্কৰ ব্যক্তিৰ তলত ৰখাটো কি সাংবিধানিক চেতনা বিৰোধী নহয়নে? বায়ু সেনাৰ দৰে শৃঙ্খলাবদ্ধ বাহিনীৰ অনুষ্ঠানতেই যদি প্ৰটকল লংঘন হয়, তেন্তে ইয়াৰ প্ৰতিকৃতিয়ে সমাজলৈ কি বার্তা দিয়ে? অৱশ্যে, এই ঘটনাই দেখুৱাই দিয়ে যে চৰকাৰী অনুষ্ঠানসমূহত ব্যক্তিগত প্ৰভাৱৰ উপস্থিতি কিমান গভীৰ,  আৰু ই প্ৰটকল লংঘনৰ নামত কিমানদূৰ শিপাইছে।