NORTHEAST NOW (Assamese)
অসম

দিল্লী বিস্ফোৰণ কাণ্ডত গ্ৰেপ্তাৰ আন এজন চিকিৎসক! ছয় ঠাইত আছিল ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2025 11:33 am

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আন এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে সন্ত্ৰাসবাদ বিৰোধী দলে (এটিএছ)। বৃহস্পতিবাৰে পুৱাই কানপুৰৰ ভাড়াঘৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, দিল্লী বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ কৰা মহিলা চিকিৎসক শ্বাহীন ছিদ্দিকীৰ সৈতে ধৃত যুৱকজনৰ যোগাযোগ আছিল । সেই সূত্ৰৰ ভিত্তিতে তদন্তকাৰীয়ে তেওঁক বিচাৰি পাইছে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সূত্ৰ অনুসৰি ধৃত চিকিৎসকজনৰ নাম মহম্মদ আৰিফ। তেওঁ কাৰ্ডিঅ’লজী অধ্যয়ন কৰি আছে। কানপুৰৰ অশোকনগৰ অঞ্চলত আৰিফে ভাড়াঘৰত বাস কৰিছিল। বৃহস্পতিবাৰে পুৱা তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি ধৃত শ্বাহীনৰ সৈতে আৰিফৰ লগতে আন কেইজনে নিয়মীয়াকৈ সংস্পৰ্শত আছিল। একে সময়তে পঞ্জাৱৰ চণ্ডীগড় আৰু মোহালীৰ চাৰি-পাঁচটা স্থানত তালাচী অভিযান চলাই আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে এন আই এয়ে। তেওঁকো সোধা-পোছা কৰা হৈছে।

কেৱল সেয়াই নহয়, চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধৃতি দি এনডিটিভিয়ে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহত দিল্লীৰ ছটা স্থানত ধাৰাবাহিকভাৱে বোমা আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল শ্বাহীন, মুজাম্মিল আৰু উমৰে। ইয়াৰ বাবে পাঁচ পৰ্যায়ৰ পৰিকল্পনাও সম্পূৰ্ণ কৰা হৈছিল।

প্ৰথমে বিভিন্ন ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল গঠন কৰি হাৰিয়ানা আৰু গুৰুগ্ৰামৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি ৰাসায়নিক পদাৰ্থ আৰু আই ই ডি সংগ্ৰহ কৰি বিস্ফোৰক তৈয়াৰ কৰে। ইয়াৰ পিছত তৃতীয় পৰ্যায়ত বিস্ফোৰক নিৰ্মাণৰ কাম আৰম্ভ হয়। ইয়াৰ লগতে বোমা আক্ৰমণৰ সম্ভাৱ্য অঞ্চলসমূহো বাছনি কৰা হয়। চতুৰ্থ পৰ্যায়ত মডিউলৰ সদস্যসকলৰ মাজত বিস্ফোৰক বিতৰণ কৰা হয়। এই পৰিকল্পনাৰ পঞ্চম আৰু অন্তিম পৰ্যায়টো আছিল নিখুঁত বোমা আক্ৰমণ।

এই গোটটোৱে ৬ ডিচেম্বৰত দিল্লীৰ ছয়-সাতটা ঠাইত ধাৰাবাহিকভাৱে বোমা আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। তদন্তকাৰীয়ে এইটোও জানিব পাৰিছে যে প্ৰথমে ২০২৫ চনৰ আগষ্ট মাহত বোমা আক্ৰমণৰ কথা আছিল।কিন্তু বিভিন্ন কাৰণত পলম হৈছিল। অৱশেষত ৬ ডিচেম্বৰ অৰ্থাৎ বাবৰি মছজিদ ভাঙি পেলোৱা দিনটোক আক্ৰমণৰ তাৰিখ হিচাপে বাছি লোৱা হ’ল।

সোমবাৰে সন্ধিয়া লালকিল্লাৰ সমীপত এখন বগা ৰঙৰ হুণ্ডাই i20 গাড়ী বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হয়। উমৰ-উন-নবী নামৰ এজন চিকিৎসকে গাড়ীখন চলাইছিল। প্ৰসংগক্ৰমে জম্মু-কাশ্মীৰ আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ যৌথ দলে সেইদিনা পুৱা ফৰিদাবাদত অভিযান চলাই বিপুল পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিছিল। মুজাম্মিল আহমেদকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়।