NORTHEAST NOW (Assamese)
Popular Stories

ভোটাৰ তালিকাৰ বিশেষ কঠোৰ সংশোধন: উত্তৰ প্ৰদেশত ৬০জন BLO ৰ বিৰুদ্ধে গোচৰ ৰুজু, দুজনক নিলম্বন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2025 4:45 pm

উত্তৰ প্ৰদেশৰ নয়ডা প্ৰশাসনে ভোটাৰ তালিকাৰ চলি থকা বিশেষ কঠোৰ পুনৰীক্ষণ (SIR)ৰ সময়ত গাফিলতি আৰু নিৰ্দেশনা পালন নকৰাৰ অভিযোগত তিনিখন আৰক্ষী থানাৰ ৬০জনতকৈও অধিক বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) আৰু ৭জন তত্বাৱধায়কৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ বাহৰেইচত বিজেপি নেতাৰ এজাহাৰৰ পিছতে দুই বিএলঅক নিলম্বিত কৰাৰ লগতে তৃতীয়জনৰ বিৰুদ্ধে গাফিলতিৰ গোচৰ ৰুজু কৰা হৈছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি নয়দাত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে জনপ্ৰতিনিধি আইন, ১৯৫০ৰ ৩২ নং ধাৰাত। নয়দাৰ জিলা নিৰ্বাচনী বিষয়াও জিলা দণ্ডাধীশ মেধা ৰূপমৰ নিৰ্দেশত নয়ডাৰ তিনিটা বিধানসভা সমষ্টিৰ এছডিএম সকলে নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰা বিএলঅৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

মন কৰিবলগীয়া যে ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ এছ আই আৰৰ বাবে মাহজোৰা গণনা প্ৰক্ৰিয়াৰ বাবে ভোট বিতৰণ আৰু সংগ্ৰহৰ দায়িত্বত বিএলঅনিযুক্তি দিয়া হৈছে, যাৰ অন্তিম তাৰিখ ৪ ডিচেম্বৰ। বিহাৰত চলি থকা প্ৰক্ৰিয়াৰ বিপৰীতে বৰ্তমানৰ পৰ্যায়ত বিএলঅৰ দায়িত্ব ভোটাৰৰ বা তেওঁলোকৰ পিতৃ-মাতৃৰ পুৰণি ভোটাৰ তালিকাৰ সৈতে প্ৰ-পত্ৰত দিয়া ভোটাৰৰ সবিশেষৰ মিল গণনাৰ পৰ্যায়তে কৰা

নয়ডা প্ৰশাসনৰ মতে, বাৰে বাৰে নিৰ্দেশনা, সতৰ্কবাণী আৰু জাননী দিয়াৰ পিছতো বহু বিএলঅই “নিজৰ নিৰ্ধাৰিত অঞ্চলত প্ৰতিবেদন নিদিলে” আৰু “জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশ মানি চলাত ব্যৰ্থ হয়।”

গ্ৰেটাৰ নয়ডাৰ ইকোটেক ফেজ ১ থানাত ৩৩জন বিএলঅআৰু এজন তত্বাৱধায়কৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। জেৱাৰ থানাৰ বিষয়াসকলে ১৭টা বিএলঅৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। প্ৰতিটো এফ আই আৰ দাখিল কৰিছে অঞ্চলটোৰ এছ ডি এম, যিয়ে চলি থকা এছ আই আৰ অনুশীলনত স্থানীয় নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’) হিচাপে কাম কৰিবলৈ নিযুক্তি দিছে।

ইফালে, ভোটাৰ তালিকাৰ চলি থকা এছ আই আৰত তেওঁলোকৰ ডিজিটাইজেচনৰ কাম ৫%তকৈও কম হোৱা বুলি ধৰা পৰাৰ বাবে জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া মেধা ৰূপমে ১৮১ জন অংগনবাড়ী কেডাৰ বুথ পৰ্যায়ৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী জাৰি কৰাৰ নিৰ্দেশ দিছে।

লগতে তেওঁলোকৰ তত্বাৱধানত থকা শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলৰ বিৰুদ্ধে বিৰূপ প্ৰৱেশ আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। গণনা প্ৰ-পত্ৰসমূহ নিজেই সংগ্ৰহ আৰু পৰীক্ষা কৰাৰ পিছত বিএলঅসকলে তথ্যসমূহ ডিজিটেলাইজ কৰাৰ বাবে চূড়ান্ত নামসমূহ অনলাইনত আপলোড কৰিব লাগিব।

মৌলিক শিক্ষা বিষয়াক নিযুক্ত কামৰ ১৫%তকৈও কম ডিজিটাইজ কৰা ১৯১ গৰাকী সহকাৰী শিক্ষক আৰু ১১৩ গৰাকী শিক্ষা মিত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ কোৱা হৈছে।