NORTHEAST NOW (Assamese)
অৰুণাচল

মাছমৰীয়া আৰু খেতিয়ক সকলক ক্ষতিপূৰণৰ দাবী সাংসদৰ

Posted by: এন ই নাও নিউজ December 15, 2017 10:09 am

অৰুনাচল প্ৰদেশৰ লোক সভাৰ সাংসদ নিনং এৰিঙে বৃহস্পতিবাৰে কেন্দ্ৰীয় জল সম্পদ বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগত চিয়াং নদী প্ৰদূষিত হোৱাক লৈ এক আলোচনাত মিলিত হয়। আলোচনাতে সাংসদ গৰাকীয়ে চিয়াং নদীৰ পানী প্ৰদূষিত হোৱাৰ বাবে মাছমৰীয়া আৰু খেতিয়ক সকলক ক্ষতি পূৰণ দিবলৈ বিভাগীয় মন্ত্ৰীগৰাকীৰ ওচৰত দাবী জনায়।

আলোচনাৰ শেষত সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘মই মন্ত্ৰীগৰাকীক অৰুনাচল প্ৰদেশ আৰু অসমৰ ক্ষতিগ্ৰস্থ খেতিয়ক তথা মাছমৰীয়া সকলক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে অনুৰোধ জনাইছো’। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস প্ৰদান কৰাৰ উপৰি এই সম্পৰ্কত গৃহ বিভাগৰ লগত আলোচনা কৰিব বুলি সাংসদ গৰাকীয়ে ব্যক্ত কৰে।

লক্ষ্যণীয় যে এৰিঙে বিগত সময়ত চিয়াং নদীৰ ভয়াবহতাৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তথা প্ৰধান মন্ত্ৰীলৈ পত্ৰ যোগে বিষয়টো উথ্থাপন কৰিছে। মন কৰিবলগীয়া যে চিয়াং নদীৰ পানী জীৱ-জন্তু তথা মানুহৰ বাবে ব্যৱহাৰৰ অনুপযোক্ত বুলি প্ৰমাণ হৈছে আৰু ইতিমধ্যে মাছ সমূহ মৰিবলৈ আৰম্ভ হৈছে। এই আলোচনাৰ জৰিয়তে চিয়াং নদীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে আলোচনাত কৰিব বুলি মত পোষন কৰে।