NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত ৰঘুৰাম ৰাজনৰ গুৰুত্বপূৰ্ণ মন্তব্য…

December 10, 2025 2:30 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা বৰ্ধিত ৫০% শুল্কৰ সন্দৰ্ভত তেওঁ কয় যে এই কঠোৰ শুল্ক আৰোপৰ মূল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কেতিয়াও নাছিল।

বৰঞ্চ, ৰাজনে এই শুল্ক আৰোপৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে ভূ-ৰাজনৈতিক কাৰক বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত অধিক কঠোৰ শুল্ক আৰোপ কৰিছিল, কিয়নো ট্ৰাম্পে ২০২৫ চনত অপাৰেচন সিন্দোৰৰ পিছত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ ক্ষেত্ৰত লোৱা ভূমিকা সম্পৰ্কে ভাৰতে যি বক্তব্য দিছিল, সেয়া আমেৰিকাৰ প্ৰশাসনৰ বাবে সন্তোষজনক নাছিল।

ৰাজনে যুক্তি আগবঢ়ায় যে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ পৰামৰ্শ দিছিল, কাৰণ ভাৰতে ট্ৰাম্পৰ এই দবী সমৰ্থন কৰা নাছিল পাকিস্তানে ট্ৰাম্পৰ দাবী মানি লোৱাৰ ফলত তেওঁলোকে তুলনামূলকভাৱে কম শুল্ক ১৯%  আৰোপ কৰে।

উল্লেখযোগ্য যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ অপাৰেচন সিন্দোৰ জড়িত হৈ আছে, যিয়ে দুই দেশৰ উত্তেজনা বৃদ্ধি কৰিছিল আৰু ২০২৫ চনৰ ১০ মেত ঘোষণা কৰা যুদ্ধবিৰতিৰ সূচনা কৰিছিল। এই যুদ্ধবিৰতিৰ মধ্যস্থতাৰ বাবে ট্ৰাম্পে কৃতিত্ব দাবী কৰিছিল, কিন্তু ভাৰতে ট্ৰাম্পৰ পৰা স্বাধীনভাৱে দুয়োখন দেশৰ সেনাপ্ৰধানৰ মাজত প্ৰত্যক্ষ সামৰিক আলোচনাৰ জৰিয়তে যুদ্ধবিৰতি সম্পন্ন কৰিছিল।

জুৰিখ বিশ্ববিদ্যালয়ত দিয়া ৰাজনৰ এই মন্তব্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমালোচকসকলে যুক্তি আগবঢ়ায় যে ভাৰতে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে ট্ৰাম্পৰ দাবীৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল আৰু পাকিস্তানৰ ৰাজনৈতিক তুষ্টিকৰণৰ ফলতহে আমেৰিকাই শুল্ক কমকৈ আৰোপ কৰিছিল।

ৰাজনে এইদৰে শুল্ক আৰোপৰ বিষয়টোক ৰাছিয়াৰ তেল আমদানিৰ দৰে অৰ্থনৈতিক কাৰণতকৈ কূটনৈতিক কাৰক হিচাপে অভিহিত কৰিছে। এই বিশ্লেষণে ভাৰত-আমেৰিকাৰ বাণিজ্যিক উত্তেজনাৰ জটিলতাক পুনৰ উন্মোচিত কৰিছে।