NORTHEAST NOW (Assamese)
অসম

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি সম্পর্কত পুনৰ অনিশ্চয়তাৰ বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ June 15, 2018 10:51 am
jual-oram_647_061417050411_0

ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি প্ৰদান কৰিবলৈ বিজেপি চৰকাৰ এই ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি বৃহস্পতিবাৰে মন্তব্য কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে পূর্বৰ চৰকাৰসমূহলৈ আঙুলিয়াই মন্তৱ্য কৰে যে কেন্দ্ৰীয় চৰকাৰে অতীতত বিষয়টোকলৈ ৪০ বছৰ অতিবাহিত কৰিলে।

ওৰামে লগতে প্ৰকাশ কৰে যে এয়া এক উমৈহতীয়া সিদ্ধান্তৰ বিষয়। মাত্ৰ এটা নহয়, চাৰিটাকৈ সংস্থা এই প্ৰক্ৰিয়াৰে জড়িত। আনকি ৰাজ্য চৰকাৰৰো মতামত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

অৱশ্যে, জনজাতিৰ স্বীকৃতি প্ৰদান বিষয়টোৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰি কৰে।

ইপিনে আলোচনাপন্থী আলফাই জনজাতিৰ স্বীকৃতি প্ৰদানৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে অসমৰ কিছুমান সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে। বিৰোধী সংগঠনৰ দাবী যে তেনে হ’লে অসম জনজাতীয় ৰাজ্যত পৰিণত হ’ব।

অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়েও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ এই প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনাইছে।

উল্লেখ্যোগ্য যে অসমৰ কোচ-ৰাজবংশী, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত কমিটীৰ প্ৰতিবেদন জমা দিয়াৰ দিন বহুবাৰ সলনি কৰিবলগীয়া হৈছিল আৰু শেহতীয়াকৈ ২০১৭ চনৰ ৩০ জুন নিৰ্দ্ধাৰণ কৰিছিল যদিও এতিয়ালৈকে প্ৰতিবেদনখন জমা দিয়া নাই।