NORTHEAST NOW (Assamese)
অসম

দুৰ্গম গাঁৱত নাই চিকিৎসা সেৱা! সন্তান জন্ম দিবলৈ ৬ কিলোমিটাৰ খোজ কাঢ়ি মৃত্যু প্ৰসূতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2026 10:11 am

যিখন দেশত চৰকাৰী সাহায্যৰ ধনেৰে প্ৰতিমূৰ্তি আৰু স্থাপত্য নিৰ্মাণৰ বাবে কোটি কোটি টকা খৰচ কৰা হয়, অথচ দুৰ্গম গাঁৱৰ বাবে কোনো পকী পথ নিৰ্মাণ কৰা নহয়। বিশেষ চৰ্ত পূৰণ হ’লেহে হেনো পাব চৰকাৰী স্বাস্থ্য সুৰক্ষা -আয়ুষ্মান ভাৰত।

তথাপি সুদূৰ গাঁৱত নাই চিকিৎসা সেৱা। মহাৰাষ্ট্ৰত এনে এখন দুৰ্ভগীয়া গাঁৱৰ এগৰাকী মাতৃয়ে নিৰাপদে সন্তান জন্ম দিবলৈ ৬ কিলোমিটাৰ পথ খোজ কাঢ়ি চিকিৎসালয়লৈ যাব লগা হৈছিল। কিন্তু শেষ ৰক্ষা নহ’ল, যাত্ৰাৰ ক্লান্তি আৰু যন্ত্ৰণাৰ বাবে গৰ্ভতেই শিশুটিৰ মৃত্যু হ’ল। পিছত সন্তানহাৰা মাতৃগৰাকীয়েও চকু মুদিলে।

মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ ইটাপল্লী তালুকৰ আলদাণ্ডি টোলাত সংঘটিত হৈছে এই ঘটনা। সেই গাঁৱৰ বাসিন্দা আশা সন্তোষ কিৰাংগা (২৪) গৰ্ভৱতী আছিল ৯ মাহৰ। মূল পকী পথৰ পৰা বিচ্ছিন্ন গাঁওখন। যিহেতু গাঁৱত প্ৰসৱৰ বাবে উপযুক্ত সুবিধা নাছিল, সেয়ে, স্বামীয়ে তেওঁক পেঠাত থকা ভনীয়েকৰ ঘৰলৈ লৈ গ’ল। কিন্তু যিহেতু যান-বাহনৰ বাবে উপযোগী পথ নাছিল, গতিকে ৯ মহীয়া গৰ্ভৱতী মহিলাগৰাকীয়ে খোজকাঢ়িয়েই বনাঞ্চলৰ দূৰ্গম পথটো পাৰ হৈ যায়।

তেতিয়ালৈকে প্ৰসৱ বেদনা আৰম্ভ হৈছিল। পকী পথৰ কাষতে থকা পেঠা গাঁৱত উপস্থিত হোৱাৰ পিছত আশা সন্তোষ কিৰাংগাক এম্বুলেন্সেৰে হেড্ৰিৰ কালি আম্মাল চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাক্তৰে তেওঁক পৰীক্ষা কৰি ক’লে যে বহু দেৰি হৈছে। আশাৰ কেঁচুৱাটো গৰ্ভতেই মৃত্যুমুখত পৰিছিল। উচ্চ ৰক্তচাপৰ বাবেও মাতৃগৰাকীৰ জীৱন বিপদত পৰিছিল। চিকিৎসকে চিজাৰিয়ান কৰাৰ সিদ্ধান্ত লয় যদিও মহিলাগৰাকীক বচাব নোৱাৰিলে।

গাডচিৰোলি জিলা স্বাস্থ্য বিষয়া ডাঃ প্ৰতাপ শিণ্ডেই কয় যে, “গৰ্ভাৱস্থাত প্ৰসৱৰ ঠিক আগতে ইমান খোজ কঢ়াটো বিপদজনক। খোজ কাঢ়িলে হঠাতে প্ৰসৱৰ বিষ আৰু জটিলতা আহিব পাৰে। চিকিৎসকে মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল।” ডাঙৰ ডাঙৰ, চিকচিকিয়া ঘাইপথ, বুলেট ট্ৰেইনৰ সপোন দেখুওৱা ভাৰতত পথৰ অভাৱত প্ৰসৱৰ বাবে গৈ মৃত্যুক সাৱটিলে এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানে।