NORTHEAST NOW (Assamese)
Popular Stories

১২ বছৰৰ পাছত ‘দ্য লল্লনটপ’ৰ পৰা পদত্যাগ সম্পাদক সৌৰভ দ্বিবেদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2026 9:40 pm

জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যম দি লল্লনটপৰ পৰা এক ডাঙৰ খবৰ আহি পৰিছে। দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ থকা জনপ্ৰিয় সাংবাদিক সৌৰভ দ্বিবেদীয়ে অৱশেষত লল্লনটপৰ পৰা বিদায় লৈছে। তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু ব্যতিক্ৰমী উপস্থাপন শৈলীৰ বাবে লল্লনটপে অতি কম সময়ৰ ভিতৰতে ভাৰতৰ সংবাদ জগতত এক সুকীয়া চিনাকি লাভ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তেওঁৰ নিৰ্বাচনী বিশ্লেষণ আৰু জনসাধাৰণৰ সৈতে পোনপটীয়া কথা-বতৰাই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ এই প্ৰস্থানৰ খবৰে বৰ্তমান ছচিয়েল মিডিয়া আৰু সংবাদ মহলত চৰ্চাৰ সৃষ্টি কৰিছে।

সৌৰভ দ্বিবেদীৰ প্ৰস্থানৰ পাছতে প্ৰতিষ্ঠানটোৰ সম্পাদকীয় বিভাগৰ দায়িত্ব এতিয়া কুলদীপ মিশ্ৰক অৰ্পণ কৰা হৈছে। কুলদীপ মিশ্ৰই এতিয়াৰ পৰা লল্লনটপৰ সম্পাদকীয় বিভাগৰ নেতৃত্ব বহন কৰিব। সংবাদ জগতত সুদীৰ্ঘ অভিজ্ঞতা থকা কুলদীপ মিশ্ৰৰ ওপৰত প্ৰতিষ্ঠানটোৱে যথেষ্ট ভৰসা প্ৰকাশ কৰিছে। তেওঁৰ নেতৃত্বত লল্লনটপে আগন্তুক দিনত নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে।