NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত ব্যাপক নিৰ্বাচনী হিংসা; মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী কাৰ্য্যালয়ত অগ্নিসংযোগ

Posted by: এন ই নাও নিউজ April 5, 2019 11:46 am
Election violence in Arunachal Pradesh

আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰুণাচল প্ৰদেশত ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হৈছে। শুকুৰবাৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ নিৰ্বাচনী সভাৰ পূৰ্বে পুৱতি নিশা দুৰ্বিত্তই মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী কাৰ্য্যালয়ত অগ্নিসংযোগ কৰে।

আনহাতে, দুৰ্বিত্তৰ অগ্নিসংযোগৰ ফলত মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী কাৰ্য্যালয় সম্পুৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনা সংঘটিত কৰিয়ে সেই ঠাইৰ পৰা দুৰ্বিত্তৰ দলটো পলাই যায়। বিজেপিৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত অৰুণাচল আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

অৰুণাচল প্ৰদেশত ১১ এপ্ৰিলত দুখন লোকসভা আসন আৰু ৬০ খন বিধান সভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ নিৰ্বাচনী হিংসা বৃদ্ধি পাইছে। কিছু দিন পূৰ্বে ৰাজ্যখনত এন পি পিৰ এজন পঞ্চায়তৰ সদস্য আৰু এজন কৰ্মীক গুলীয়াই হত্যা কৰা হৈছিল।