NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

বিপদে লগ এৰা নাই অভিনেতা দৰ্শনক; এইবাৰ অভিনেতাজনৰ ফাৰ্ম হাউচত উদ্ধাৰ অবৈধভাৱে ৰখা বিপন্ন বিদেশী চৰাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2024 11:39 am
বিপদে লগ এৰা নাই অভিনেতা দৰ্শনক; এইবাৰ অভিনেতাজনৰ ফাৰ্ম হাউচত উদ্ধাৰ অবৈধভাৱে ৰখা বিপন্ন বিদেশী চৰাই

অনুৰাগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত কানাড়া অভিনেতা দৰ্শন থুগুদীপক কৰ্ণাটকৰ টি নাৰ্চীপুৰাত থকা নিজৰ ফাৰ্ম হাউচত অবৈধভাৱে বিদেশী চৰাই এটা ৰখা অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বেও দৰ্শনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল আৰু বৰ্তমান অভিনেতাজন আৰক্ষীৰ জিম্মাত থকাৰ বাবে বন বিভাগে পুনৰ বিষয়টো তদন্তৰ বাবে ল’ব পাৰে।

কৰ্ণাটকৰ পৰিৱেশ আৰু বনমন্ত্ৰী ঈশ্বৰ খণ্ড্ৰেই আইন ভংগ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, ১১ জুনত দৰ্শনৰ ডাই হাৰ্ড অনুৰাগী ৰেনুকাস্বামীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দৰ্শন আৰু তেওঁৰ সহ অভিনেত্ৰী তথা বান্ধৱী পবিত্ৰ গৌড়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, যোৱা ৮ জুনত চিত্ৰদুৰ্গা জিলাৰ পৰা গৌড়ালৈ অপমানজনক বাৰ্তা প্ৰেৰণ কৰা ৰেনুকাস্বামী (৩৩) নামৰ অটোৰিক্সা চালকক অপহৰণ কৰা বুলি অভিযোগ উঠিছে। পাছত ৰেণুকাস্বামীৰ মৃতদেহ বেংগালুৰুৰ সুমনাহল্লী দলঙৰ সমীপত উদ্ধাৰ হয়।

মৰণোত্তৰ পৰীক্ষাৰ তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে ৰেণুকাস্বামীক বিদ্যুৎস্পৃষ্ট কৰা হৈছিল। তদন্ত অব্যাহত থকাৰ সময়তেম কানাড়া চিনেমাৰ ‘চেলেঞ্জিং ষ্টাৰ’ নামেৰে পৰিচিত দৰ্শন আৰু তেওঁৰ সহযোগীসকল বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।