NORTHEAST NOW (Assamese)
অসম

ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ ওয়েনাডত ভয়াবহ ভূমিস্খলন, কমেও ২৪ জনৰ মৃত্যু, বহু লোক আৱদ্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2024 11:10 am

ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত দুৰ্যোগৰ সৃষ্টি হৈছে। কেৰালাৰ ওয়েনাড জিলাত ভূমিস্খলনৰ ফলত ২৪ জন লোকৰ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আৰু বহু লোক পোত খাই থাকিব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

ইতিমধ্যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয় যে সংশ্লিষ্ট সকলো বিভাগ আৰু কৰ্তৃপক্ষক উদ্ধা অভিযানৰ কামত জপিয়াই পৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ওয়েনাডত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। প্ৰথমতে মঙলবাৰে পুৱা প্ৰায় ৩ বজাৰ আশে পাশে ওয়েনাডৰ পাহাৰীয়া অঞ্চলত প্ৰথমটো ভূমিস্খলনৰ খবৰ পোৱা গৈছিল। ৰাতিপুৱা ৪:১০ বজাত আন এটা ভূমিস্খলনৰ খবৰ আহে।

লগতে পঢ়কঃ কানাডাত চলন্ত গাড়ীৰ চকা খুলি গৈ ভয়ংকৰ দুৰ্ঘটনা; মৃত্যু ৩ ভাৰতীয় শিক্ষাৰ্থীৰ

পুৱাৰ ভাগত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে উদ্ধাৰ অভিযানত যোগদান কৰে। জানিব পৰা মতে, উদ্ধাৰ অভিযানত বায়ুসেনাৰ দুখন হেলিকপ্টাৰো নিয়োগ কৰা হৈছে।

মঙলবাৰে পুৱা কেৰালাৰ ৰাজহ মন্ত্ৰী কে ৰাজনে অৱগত কৰে যে ৮ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে সময় যোৱাৰ লগে লগে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ওয়েনাড জিলাৰ মেপ্পাডি, মুণ্ডকাই আৰু চুৰাল মালয়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ভূমিস্খলনৰ ফলত এবছৰীয়া এটি শিশুৰো মৃত্যু হয়। মেপ্পাদি অঞ্চলৰ এখন চিকিৎসালয়ত ১৬ জন আহত লোক চিকিৎসাধীন হৈ আছে। বাতৰি অনুসৰি, কমেও ১০০ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

লগতে পঢ়কঃ ঝাৰখণ্ডত মুম্বাইমুখী ৰে’লৰ ১৮টা ডবা লাইনচ্যুত, দুজনৰ মৃত্যু, কমেও ২০জন আহত

কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নে এক চমু বিবৃতিত কয় যে, উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে বৰষুণৰ বাবে উদ্ধাৰ অভিযানত মাজে মাজে বাধাৰ সৃষ্টি হৈছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ এক্স হেণ্ডেলত কয় যে তেওঁ কেৰেলাৰ মুখ্যমন্ত্ৰী বিজয়নৰ সৈতে কথা পাতিছে। লগতে কেৰালা চৰকাৰক কেন্দ্ৰৰ হৈ সকলো সহায়ৰ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়া হ’ব।

লোকসভাৰ বিৰোধী দলৰ নেতা তথা এই লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়েও ওয়েনাডৰ এই দুৰ্যোগৰ বিষয়ে এক্সত পোষ্ট কৰিছে। ৰাহুলে উদ্ধাৰ অভিযান সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী আৰু স্থানীয় জিলা উপায়ুক্তৰ সৈতে কথা পাতিছে বুলিও জনায়।