NORTHEAST NOW (Assamese)
অসম

অৱশেষত চাপত পৰি অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ তদন্ত চিবিআইক দিয়াৰ ঘোষণা উত্তৰাখণ্ড চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2026 8:29 am

ৰিচেপচনিষ্ট অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ বাবে পৰামৰ্শ আগবঢ়াইছে উত্তৰাখণ্ড চৰকাৰে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।

তেওঁ কয় যে অংকিতাৰ পিতৃ-মাতৃয়ে চিবিআইৰ তদন্তৰ বাবে অনুৰোধ জনাইছিল। তেওঁলোকে দিয়া চিঠিখনত লিখিছে যে তেওঁলোকৰ কন্যাৰ হত্যাকাণ্ডৰ লগত কোনো ভিআইপি জড়িত। তেওঁৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই।

তেওঁলোকৰ ইচ্ছাক সন্মান জনাই তেওঁ গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক গতাই দিবলৈ পৰামৰ্শ দিছে। ধামীয়ে লগতে কয় যে যদি আন কোনো লোক এই ঘটনাৰ সৈতে জড়িত, তেন্তে সেয়াও পোহৰলৈ আহিব লাগে।

১৯ বছৰীয়া অংকিতাই ২০২২ চনত পৌৰী অঞ্চলৰ এখন ৰিজ’ৰ্টত ৰিচেপচনিষ্ট হিচাপে কামত যোগদান কৰিছিল।কিন্তু চাকৰিৰ কেইদিনমানৰ ভিতৰতে তেওঁক হত্যা কৰা হৈছিল। এই ঘটনাত ৰিজ’ৰ্টখনৰ মালিক পুলকিত আৰ্য আৰু দুজন মেনেজাৰক দোষী সাব্যস্ত কৰা হয়। ইতিমধ্যে আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

কিন্তু শেহতীয়াকৈ উৰ্মিলা সানাৱৰ নামৰ এগৰাকী অভিনেত্ৰীয়ে অংকিতাৰ হত্যাকাণ্ডত বহু ‘ভিআইপি’ জড়িত বুলি দাবী কৰিছে। তেওঁলোকৰ বহুতেই বিজেপিত উচ্চ পদবীত আছে। ইয়াৰ পিছত পুনৰ আৰম্ভ হ’ল অংকিতাৰ হত্যাকাণ্ডৰ চৰ্চা।

যোৱা ৪ জানুৱাৰীত কংগ্ৰেছ, বাওঁপন্থীকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে অংকিতাৰ হত্যাকাণ্ডৰ চিবিআইৰ তদন্তৰ দাবীত এক বিশাল সমাৱেশত অংশ লৈছিল।

মুখ্যমন্ত্ৰী ধামীয়ে কয় যে উত্তৰাখণ্ড চৰকাৰে সদায় এনে ঘটনাৰ স্বচ্ছ তদন্ত বিচাৰে। সেয়ে ঘটনা সংঘটিত হোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হয়। হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হয়। এগৰাকী মহিলা আই পি এছ বিষয়াই এছ আই টিৰ নেতৃত্ব দিছিল। এছ আই টিৰ তদন্তৰ ভিত্তিত তিনিজন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।