NORTHEAST NOW (Assamese)
অসম

অসম-মেঘালয় কেডাৰৰ অৱসৰপ্ৰাপ্ত আইএছ বিষয়া ৰাজীৱ যাদৱ ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ নতুন অধ্যক্ষ

Posted by: এন ই নাও নিউজ June 16, 2018 8:15 am
Chairman-Brahmaputra-Board-570x320

১৯৮১ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আইএছ বিষয়া ৰাজীৱ যাদৱক ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

২০১৮ৰ জানুৱাৰিত যাদৱে কেন্দ্ৰীয় সচিব পদৱীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। যাদৱে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ সঞ্জয় কুণ্ডুৰ হাতৰ পৰা ১৮জুনত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব। কুণ্ডু হৈছে হিমাচল কেডাৰৰ আইপিএছ বিষয়া। তেওঁ নিজস্ব কেডাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে।

এপইণ্টিং কেবিনেট কমিটীয়ে যাদৱৰ নিয়োগত অনুমোদন জনাইছে। এই কমিটীৰ মুৰব্বী হৈছে প্ৰধান মন্ত্ৰী।

আমোলা হিচাপে তেওঁৰ কাৰ্যকালত যাদৱে অধিকভাগ সময়েই অসমৰ বাহিৰত অতিবাহিত কৰিছিল। তেওঁ নলবাৰী জিলাৰ উপায়ুক্ত আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অধ্যক্ষও আছিল।