NORTHEAST NOW (Assamese)
অসম

আজি শিল্পী দিৱস, ৰাজ্যজুৰি সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2026 9:09 am

আজি শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয়। আজি তেওঁৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে সুন্দৰৰ পুজাৰীগৰাকীক সুঁৱৰিছে।  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শিল্পী দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আনহাতে, জাতীয় সংগঠনসমূহৰ উদ্যোগতো  শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে,  ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰদসাদ আগৰৱালাই জন্মগ্ৰহণ কৰিছিল। অসমৰ লগতে কলিকতাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা লাভ কৰি জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে ১৯২৬ চনত এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া সামৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিছতে তেওঁ সাংস্কৃতিক জগতত খোজ দি প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণ কৰে।

জ্যোতিপ্ৰসাদ আছিল একেধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, লেখক, ছবি নিৰ্মাতা, পৰিচালক আদি বহুমুখী প্ৰতিভাৰে উজ্বল ব্যক্তিত্ব। সাংস্কৃতিক চেতনাৰে প্ৰবুদ্ধ জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰি উ লিয়াইছিল প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল এই ছবিখনে।

একেদৰে, এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপেও জ্যোতিপ্ৰসাদ অৱতীৰ্ণ হৈছিল আৰু দেশপ্ৰেমত উদ্বুদ্ধ হৈ কবিতা-নাটক আদি ৰচিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিব লগা হৈছিল।

১৯৩৬ চনত জ্যোতিপ্ৰসাদে দেৱযানী ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। কিন্তু দুখৰ বিষয় যে, এইগৰাকী মহান শিল্পীয়ে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে জীৱন নাট সামৰে।

উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে এটা ডাক টিকট প্ৰণয়ন কৰে।