NORTHEAST NOW (Assamese)
Popular Stories

‘পঞ্জাৱ কেশৰী’ সংবাদগোষ্ঠীলৈ সকাহ: সংবাদপত্ৰৰ স্বাধীনতাৰ সপক্ষে শীৰ্ষ আদালত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2026 1:01 pm

পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰি প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে পঞ্জাৱ কেশৰীসংবাদগোষ্ঠীৰ ওপৰত চলোৱা চৰকাৰী দমনৰ বিৰুদ্ধে ঢাল হৈ থিয় দিছে দেশৰ শীৰ্ষ আদালত। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশযোগে চৰকাৰক সংবাদপত্ৰখনৰ বিৰুদ্ধে কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণত বাধা প্ৰদান কৰি কয় যে, “মাত্ৰ কেইটামান প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে সংবাদপত্ৰ এখনৰ কণ্ঠৰুদ্ধ কৰিব নোৱাৰি।” পঞ্জাৱ চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ দোহাই দি কাকতখনৰ ছপাখানা বন্ধ কৰিবলৈ কৰা প্ৰচেষ্টাক অগ্ৰাহ্য কৰি আদালতে ছপা কাৰ্য নিৰৱচ্ছিন্নভাৱে চলাই নিবলৈ নিৰ্দেশ দিছে।

মাত্ৰ দুদিনৰ ভিতৰত সংবাদগোষ্ঠীটোৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে সংবাদগোষ্ঠীটোৰ হৈ আদালতত কয় যে চৰকাৰে ছপাখানাৰ বিদ্যুৎ সংযোগ কৰ্তন, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ জৰিয়তে জাননী প্ৰেৰণ আৰু ছপাখানা বন্ধ কৰাৰ নিৰ্দেশ, সংবাদগোষ্ঠীৰ গৰাকীৰ হোটেল বা আন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ লগতে কেইবাখনো এজাহাৰ দাখিল কৰাৰ দৰে শাস্তিমূলক ব্যৱস্থা হাতত লৈছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে পঞ্জাৱ চৰকাৰৰ অতিৰিক্ত অধিবক্তা জেনেৰেল চাদান ফাৰাচাতক উদ্দেশ্যি কয়, “কেৱল কিছুমান প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবেই সংবাদপত্ৰৰ কাম-কাজ স্তব্ধ কৰিব নোৱাৰি।” মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ কয় যে হোটেল বা অন্য বাণিজ্যিক প্ৰতিষ্ঠান কেইদিনমানৰ বাবে বন্ধ হোৱাটো বুজিব পাৰি, কিন্তু সংবাদপত্ৰৰ ছপা কাৰ্যত বাধা দিব নোৱাৰি।

ফাৰাচাতে আদালতক জনায় যে প্ৰদূষণজনিত সমস্যাৰ বাবেহে মাত্ৰ এটা গোট (Unit) বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সমগ্ৰ সংবাদগোষ্ঠীটোৱেই বন্ধ কৰা বুলি কোৱাটো ভুল। তদুপৰি চৰকাৰী পক্ষৰ অধিবক্তাগৰাকীয়ে অভিযোগ কৰে যে ছপাখানাত সুৰাৰ বটল উদ্ধাৰ হৈছে। ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি অধিবক্তা ৰোহাটগীয়ে ওলোটাই প্ৰশ্ন কৰে, “মাত্ৰ দুটা বটল পোৱা গৈছে বাবেই আপুনি সংবাদপত্ৰখন বন্ধ কৰি দিব নেকি?”

মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে, “সংবাদপত্ৰৰ কাম বন্ধ কৰাটো যুক্তিসংগত নহয়। হোটেল বা আন ব্যৱসায়িক প্ৰতিষ্ঠান কেইদিনমানৰ বাবে বন্ধ হোৱাটো বুজিব পাৰি, কিন্তু বাতৰি কাকতখনৰ কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ অনুমতি দিয়ক।”

উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে ‘পঞ্জাৱ কেশৰী’ৰ ছপাখানা কোনো বাধা নোহোৱাকৈ চলিব। অৱশ্যে হোটেলৰ দৰে অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিব। এই ব্যৱস্থা পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছৰ এসপ্তাহলৈকে কাৰ্যকৰী হৈ থাকিব।