NORTHEAST NOW (Assamese)
Popular Stories

অসমত জেহাদী! নামনি অসমৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিলে ৪ দুধৰ্ষ জেহাদীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2023 9:30 pm
অসমত জেহাদী! নামনি অসমৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিলে ৪ দুধৰ্ষ জেহাদীক

গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ পৰা দুটা পৃথক অভিযানত জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গোৱালপাৰাৰ পৰা তিনি সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এজনক বঙাইগাঁৱৰ পৰা আটক কৰা হয়।

শুকুৰবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (এন আই এ) দলে অভিযান আৰম্ভ কৰি শনিবাৰে ধৃত সন্ত্ৰাসবাদী কেইজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে গোৱালপাৰাৰ মাৰ্কাজুল মা আৰিফ কাৰিয়ানা মাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমানক বিগত বৰ্ষৰ ২৬ আগষ্টত সন্ত্ৰাসবাদী কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু কেইদিনমান আগতে জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল।