NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত এম এছ ডি পি আঁচনিৰ নামত আবণ্টিত ধনৰ লুণ্ঠন বিষয়া আৰু ঠিকাদাৰৰ

Posted by: জহিৰুল ইছলাম June 17, 2018 4:58 pm

মৰিগাঁও জিলাত এম এছ ডি পি আঁচনি ৰূপায়ণৰ নামত ব্যপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ৰাজ্যখনৰ আন জিলা সমূহৰ লগতে মৰিগাঁও জিলাৰ উন্নয়ন খণ্ড সমূহৰ দৰিদ্ৰ সংখ্যালঘু জনগণৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে এম এছ ডি পি আঁচনিৰ অধীনত বহু লাখ টকাৰ অনুমোদন জনোৱা হৈছিল।

উল্লেখযোগ্য যে জিলাখনৰ উন্নয়ন খণ্ড সমূহৰ এলেকাধীন সংখ্যালঘু অধ্যুষিত গাঁৱত দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়া, অংগনৱাড়ী কেন্দ্ৰ, শিক্ষা প্ৰতিষ্ঠানৰ অতিৰিক্ত শ্ৰেণীকোঠা, জিৰণি চ’ৰা, ছাত্ৰাবাস, মাৰ্কেট ছেড, ৰাজহুৱা শৌচাগাৰ, সমূহীয়া ভৱন, ৰাজহুৱা পুথিভঁৰাল আদি কেতবোৰ কামৰ উদ্দেশ্য এম এছ ডি পি আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ ধনৰাশি আবণ্টন দিয়া হৈছিল যদিও আঁচনি সমূহ ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ এম এছ ডি পি আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ সংখ্যালঘু ৰাইজৰ বাবে ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ বাবদ ২০০৯-২০১০ বিত্তীয় বৰ্ষত ৫১৯৩ টা ইন্দিৰা আৱাস গৃহ নিৰ্মাণৰ বাবে ১৯৯৯.৩১ লাখ টকা আবণ্টন লাভ কৰিছিল। একেদৰে ২০১০-২০১১ বিত্তীয় বৰ্ষত ১২২৬.৮ লাখ টকাৰ আবণ্টন লাভ কৰিছিল। এই অনুমোদিত পুঁজিৰ মুঠ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ আৰু মাত্ৰ ১০ শতাংশ ধন ৰাজ্য চৰকাৰৰ।

কিন্তু অতি পৰিতাপৰ বিষয় যে বহু দৰিদ্ৰ পৰিয়াল এনে জনকল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত আছিল। ইয়াৰ উপৰিও একাংশই আৱাস গৃহ লাভ কৰিছিল যদিও সেইসমূহ বসবাসৰ মুঠেই উপযোগী নাছিল।

আনহাতে জিলাখনৰ সংখ্যালঘু এলেকাত সমূহীয়া ভৱন, ৰাজহুৱা শৌচাগাৰ আদি সহস্ৰাধিক নিৰ্মাণ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে এম এছ ডি পি আঁচনিৰ অধীনত বিগত ২০১৬-২০১৭ বৰ্ষৰ ৩১ মাৰ্চত ১,৮৬,২৩,০০০ টকা মোকলাই দিছিল বুলি জানিব পৰা গৈছে। কিন্তু চৰকাৰে এই বিশাল ধনৰাশিৰ আবণ্টন দিছিল যদিও সেই অনুপাতে কাম হোৱা নাছিল।

ইফালে স্থানীয় ৰাইজে কৰা অভিযোগ মতে একাংশ ৰাজনৈতিক নেতা আৰু ঠিকাদাৰে মিলি বিগত বৰ্ষকেইটাত চলাই আহিছিল লুণ্ঠনৰাজ। ফলত ভূক্তভোগী দৰিদ্ৰ সংখ্যালঘু ৰাইজে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।