NORTHEAST NOW (Assamese)
অসম

বিস্ফোৰণত ৰক্তাক্ত ইছলামবাদ! ভাৰতলৈ আঙুলি পাকিস্তানৰ, তীব্ৰ প্ৰতিক্ৰিয়া নতুন দিল্লীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2026 10:07 am

শুকুৰবাৰৰ জুম্মাৰ নামাজৰ সময়ত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণে জোকাৰি যায় পাকিস্তানৰ ৰাজধানী ইছলামবাদ। এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৩১ জন। আহত হৈছে ১৫০ জনতকৈ অধিক।

এই ঘটনাৰ পাছত পাকিস্তানে পুনৰ ভাৰত আৰু আফগানিস্তানৰ পিনে অভিযোগৰ আঙুলি টোৱাইছে। অৱশ্যে নতুন দিল্লীয়ে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি খাৰিজ কৰিছে। আফগানিস্তানৰ তালিবান চৰকাৰৰ পৰাও একে সুৰ শুনা গৈছে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে দাবী কৰিছে যে আক্ৰমণকাৰী আফগানিস্তানৰ সৈতে যোগাযোগ আছিল। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে যেতিয়া নিৰাপত্তাৰক্ষীয়ে আত্মঘাতী বোমাৰুটোক ৰখাবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁ গুলীচালনা আৰম্ভ কৰিছিল। পিছত মছজিদৰ ভিতৰত নামাজৰ শেষ শাৰীত  থিয় হৈ বিস্ফোৰণ ঘটায়।

পাকিস্তানৰ মন্ত্ৰীজন ইয়াতেই থমকি ৰোৱা নাই। তেওঁ অভিযোগ কৰে যে ভাৰত আৰু তালিবানৰ মাজত যোগাযোগৰ ইংগিত পোৱা গৈছে আৰু নতুন দিল্লীয়ে পাকিস্তানৰ বিৰুদ্ধে ‘আন পথেৰে প্ৰতিশোধ’ ল’বলৈ চেষ্টা কৰিছে।

অৱশ্যে পাকিস্তানৰ এই অভিযোগত ভাৰতে ক্ষিপ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক বিবৃতিত কয় যে ইছলামবাদত প্ৰাণ হেৰুৱাসকলৰ বাবে ভাৰতে গভীৰ শোক প্ৰকাশ কৰিছে। কিন্তু পাকিস্তানে নিজৰ দেশত সন্ত্ৰাসবাদৰ সমস্যাৰ বাবে আনক দোষাৰোপ কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰে। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে ভাৰতৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।

আফগানিস্তানেও পাকিস্তানৰ এই দাবী খণ্ডন কৰিছে। তালিবান চৰকাৰে কয় যে কোনো ধৰণৰ উপযুক্ত তদন্ত অবিহনে আন এখন দেশক দোষাৰোপ কৰাটো দায়িত্বহীন আচৰণ। আক্ৰমণৰ পিছত যদি আক্ৰমণকাৰীৰ পৰিচয় আৰু গতিবিধিৰ বিষয়ে জানিব পাৰে তেন্তে কিয় আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰিলে বুলিও তেওঁলোকে লগতে প্ৰশ্ন উত্থাপন কৰে।

শুকুৰবাৰে বিয়লি ইছলামবাদৰ ইমাম্বৰা ছিয়া মছজিদত শুকুৰবাৰৰ জুম্মা নামাজৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে আত্মঘাতী বোমাৰুজনে ‘চুইচাইড ভেষ্ট’ পিন্ধি মছজিদত প্ৰৱেশ কৰিছিল।

শেহতীয়াকৈ পাকিস্তানত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ইছলামবাদে ভাৰতক দোষাৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰো একেই অভিযোগ উত্থাপন কৰিলেও পাকিস্তানে নিজৰ পক্ষত কোনো প্ৰমাণ দিব পৰা নাই।